‘হিন্দুস্তান টাইমছ লীডাৰশ্বীপ ছামিট’ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

Pc Hindustan Times

‘হিন্দুস্তান টাইমছ লীডাৰশ্বীপ ছামিট’ত অংশগ্ৰহণ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেশৰ আগশাৰীৰ সংবাদ-পত্র হিন্দুস্তান টাইমছে আয়োজন কৰা ‘হিন্দুস্তান টাইমছ লীডাৰশ্বীপ ছামিট’ত অংশগ্ৰহণ কৰি অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিজেপি নাগৰিকত্ব আইন বলৱৎ কৰাৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ আৰু ইয়াৰ নীতি-নিয়ম নিৰ্ধাৰণ কৰাৰ বিষয়টো সময় সাপেক্ষ হৈ আছে। মাতৃভূমিৰ নাগৰিকত্ব লাভ কৰাটো হিন্দুসকলৰ আইনগত অধিকাৰ। বিজেপি সম্পূর্ণভাৱে নাগৰিকত্ব সংশোধনী আইনৰ পক্ষত আছে বুলি মন্তব্য কৰে।অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই নাগৰিকত্ব আইন সন্দৰ্ভত মন্তব্য কৰাৰ লগতে ‘কা’ক লৈ প্ৰতিবাদ আৰু ক’ভিড-১৯ মহামাৰীৰ বাবেই এই আইনখন বলৱতত বিলম্ব হৈ আছে বুলি কয়। তেওঁ কয় – ই এক প্রক্রিয়া। কিন্তু ভাৰতীয় জনতা পাৰ্টী এতিয়াও প্রতিশ্রুতিবদ্ধ। সংসদে আইনখন গৃহীত কৰিছে। নীতি-নিয়ম নিৰ্ধাৰণৰ বিষয়টো সময়সাপেক্ষ। ইপিনে, অলপতে হৈ যোৱা কংগ্ৰেছৰ সভাপতি নিৰ্বাচনক লৈ কটাক্ষ কৰে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। সভাপতি নিৰ্বাচনত মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে প্রতিদ্বন্দ্বিতা কৰা শশী ৰুৰক যিসকলে ভোটদান কৰিছে, সেইসকলে শীঘ্ৰেই বিজেপিত যোগদান কৰাৰ প্ৰসংগ উত্থাপন কৰে ড° শৰ্মাই। তদুপৰি ড° শৰ্মাই কয়— ‘কংগ্ৰেছৰ তথাকথিত আভ্যন্তৰীণ নিৰ্বাচনৰ ফলাফল জ্ঞাত আছিল আৰু সেয়া ভোটগণনাৰ পূৰ্বেই ঘোষণা কৰা হৈছে। যিসকলে শশী থাৰুৰক ভোট দি সাহস দেখুৱাইছে, সেই এক হাজাৰ তিনিধিয়ে কেৱল গণতান্ত্রিক ব্যক্তি। মই আশা কৰোঁ সেইসকলে শীঘ্ৰেই বিজেপিত যোগদান কৰিব। উল্লেখ্য যে শশী থাকৰেই তেওঁৰ দলীয় সহকর্মী মল্লিকার্জুন খাৰ্গেৰ বিৰুদ্ধে যুঁজ দি সাহস দেখুৱাইছে। লক্ষণীয় যে ২০২৪ নত বিজেপি ২-৩খন ৰাজ্যলৈ সম্প্ৰসাৰিত হ’ব আৰু পৰৱৰ্তী দুটা নিৰ্বাচনত এই সম্প্ৰসাৰণ অব্যাহত থাকিব। ২০২৯ চনৰ ভিতৰত দেশৰ সকলোতে বিজেপি দেখিব বুলি কয় ড° শৰ্মাই।