হাৰা পাৰ্টীক ভোট দি কি লাভ ? বিৰোধীক ভোট দিয়াতকৈ ৩০ অক্টোবৰত পইতা ভাত খাই শুই থাকক; গোসাঁইগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

rongilibarta

হাৰা পাৰ্টীক ভোট দি কি লাভ ? বিৰোধীক ভোট দিয়াতকৈ ৩০ অক্টোবৰত পইতা ভাত খাই শুই থাকক; গোসাঁইগাঁৱত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

ৰঙিলী বাৰ্ত্তাসেৱা – মঙলবাৰে পুৱা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গোসাঁইগাঁৱত বিজেপি,এজিপি আৰু ইউ পি পি এলৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জিৰণ বসুমতাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়৷ৰাইজক উদ্দেশ্যি প্ৰচাৰ সভাত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে,কংগ্ৰেছৰ চৰকাৰ আছে নেকি ইয়াত?এ আই ইউ ডি এফৰ চৰকাৰ ক’ৰবাত আছে নেকি?সেয়ে বিজেপি-ইউ পি পি এলৰ প্ৰাৰ্থীক ভোট দিয়ক৷মনত ৰাখিব- ইউ পি পি এল মানে বিজেপি,বিজেপি মানে ইউ পি পি এল৷বিজেপি-ইউ পি পি এলৰ প্ৰাৰ্থীক ভোট দিয়ক,গোসাঁইগাঁৱলৈ উন্নয়নৰ গংগা নামি আহিব৷হাৰা পাৰ্টীক ভোট দি কি লাভ?বিৰোধীক ভোট দিয়াতকৈ ৩০ অক্টোবৰত পইতা ভাত খাই শুই থাকক৷”