হাৰমনিয়াম বজোৱা ছোৱালীজনী
শুকান মুখ,চাৱনিত কাতৰতা,খুব সহজ সৰল মনৰ অমায়িক ছোৱালীজনীয়ে চৌদিশে চাইছে আৰু ঘন্টাৰ পিছত ঘন্টা জুৰি ট্ৰেইনৰ ডবাত থিয় হৈ কান্ধত ওলোমাই ৰখা হাৰমনিয়ামখনত দেশ প্ৰেমৰ মিউজিক বজাই গৈছে। তাইৰ আঙুলিৰ যাদুত নিস্তব্দ হৈ পৰিলে গোটেইখন ডবা।প্ৰত্যেকেই পুতৌ কৰি পাঁচ টকা,দহ টকাৰ, পঞ্চাছ টকা যিয়ে যি পাৰে তাইৰ হাতত গুজি দিব ধৰিলে।পেটৰ তাগিদাত ইয়াৰ বাহিৰে তাইৰ আন কোনো পথ নাই ।
একমাত্ৰ মাক-দেউতাকৰ বাছ দূৰ্ঘটনাত পতিত হৈ মৃত্যু নোহোৱা হ’লে তায়ো আজি বেলেগ ছোৱালীবোৰৰ দৰে স্কুলত পঢ়িব পাৰিলেহেঁতেন।
কাজি শ্বাহাদত ইছলাম