হাতীগাঁৱৰ নৃশংস হত্যাকাণ্ড আৰু আমাৰ অনুভব- ফখৰুদ্দিন আহমেদ

pc News Nation

হাতীগাঁৱৰ নৃশংস হত্যাকাণ্ড আৰু আমাৰ অনুভব

ফখৰুদ্দিন আহমেদ

বিগত ইং ২৪ মে ২০২২ তাৰিখ সোমবাৰে ৰাতি গুৱাহাটীৰ অন্তৰ্গত হাতীগাঁৱৰ ফ্ৰেণ্ডছ্ পথত থকা ৩২ নং আবাস গৃহত সংঘটিত এক লোমহৰ্ষক হত্যাকাণ্ডৰ বলি হৈছিল মৌলানা জয়নুদ্দিন আহমেদ কাছিমী। আনুমানিক বয়স ৪৩/৪৪ বছৰ মান হ’ব। তেখেতৰ জন্মভুমি আছিল দৰং জিলাৰ ছিপাঝাৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ সানোৱা অঞ্চল। সানোৱা হৈছে খিলঞ্জীয়া অসমীয়া মুছলমানেৰে পৰিপূৰ্ণ এখনি ঐতিহাসিক গাঁও।এই খন গাঁৱৰ ইতিহাসৰ সৈতে জৰিত হৈ আছে সুদূৰ বাগদাদৰ পৰা ইছলাম ধৰ্মৰ শান্তি আৰু সম্প্ৰীতিৰ বাণী লৈ অসমৰ পবিত্ৰ ভুমিক চিৰদিনৰ বাবে আপোন কৰি লোৱা মজনুদিল পীৰ আজান ফকিৰ চাহেবৰ সহোদৰ ভাতৃ শ্বাহ নোৱাজ চাহেবৰ নাম। সানোৱা হৈছে লুইতৰ উত্তৰ পাৰত অবস্থিত প্ৰাকৃতিক সৌন্দৰ্যৰে চহকী এখন গাঁও। এই গাঁওখনিতেই শৈশব আৰু কৈশোৰ অতিক্ৰমি ডাঙৰ দীঘল হৈছিল মৌলানা গৰাকীয়ে।
প্ৰায় ১৫/১৬ বছৰ পূৰ্বে মৌলানা জয়নুদ্দিন আহমেদ কাছিমীয়ে জীবিকা বিচাৰি থিতাপি লৈছিল গৈ হাতীগাঁৱৰ সেই ফ্ৰেণ্ডছ্ পথৰ এটি বাসগৃহত ভাড়াতীয়া হিচাপে। তাৰ পূৰ্বে মৌলানা চাহেবে সানোৱা গাঁৱত প্ৰাথমিক আৰু মাধ্যমিক শিক্ষাৰ সফলতাৰে সমাপ্তি ঘটাই উত্তৰ প্ৰদেশৰ দেউবন্দ চহৰত থকা মাদ্ৰাছাৰ পৰা মৌলানা আৰু ক্বাৰীয়ানা শিক্ষাও আহৰন কৰিবলৈ সমৰ্থ হৈছিল।তাৰ পিছতেই গুৱাহাটীৰ হাতীগাঁৱত আৰম্ভ কৰিছিল জীৱন আৰু যৌবনৰ সংগ্ৰাম।
প্ৰায় দেৰ দশকৰ সফলতা ভৰা পৰিক্ৰমাত তেখেতে স্থানীয় মছজিদত ইমামতি , তাৰ পিছত হজৰত মোহাম্মদ (ছঃ)ৰ কৰ্মজীৱনৰ অবিচ্ছেদ্য অংগ ব্যবসায়ত মনোনিবেশ কৰিছিল। সুমিষ্ট ব্যবহাৰ , আদৰ্শনীয় ব্যক্তিত্বৰে সেই ফ্ৰেণ্ডছ্ পথ তথা তাৰ আশে পাশে থকা হিন্দু , মুছলমান সকলো লোকৰে সহায়ৰ সাৰথি হৈ পৰাৰ লগে লগে অজানিত ভাবে ৰূপান্তৰিত হৈ পৰিছিল সকলোৰে চিনাকী ” জোনাব” উপাধিৰ মানুহটোলৈ।সকলোৰে মৰমৰ , আদৰৰ আৰু সন্মানৰ “জোনাব”লৈ পৰিবৰ্তন হোৱা মৌলানা জয়নুদ্দিন আহমেদ কাছিমীৰ পৰিয়ালত মাক , পৰিবাৰ লগতে দুটি পুত্ৰ পুত্ৰীৰে ভৰা আছিল । ক’বলৈ গ’লে এক সৰ্বাংগ সুন্দৰ সুখী পৰিয়াল। নৃশংস হত্যাকাণ্ডৰ বলি হোৱা মৌলানা চাহেবক দফন কৰিবলৈ সানোৱাস্থিত বাসগৃহৰ পৰা শোকাকুল ৰাইজে জানাজাৰ স্থানলৈ উলিয়াই লৈ যাবলৈ ওলোৱাৰ মুহূৰ্তত শেষ বাৰৰ বাবে অভাগা পুত্ৰৰ মুখ খন চাই মাকে কান্দিছিল ” তোক মৌলানা পঢ়াইছিলো মোৰ জানাজা পঢ়াবলৈ , কিন্তু তই মোক থৈ আগতেই গুছি গ’লি “। এক মৰ্মন্তুদ , হৃদয় বিদাৰক দৃশ্য।
মৌলানা চাহেবৰ মৃত্যু অনাকাংখিত আৰু অস্বাভাবিক আছিল। তেখেতৰ ওচৰত থকা অভিযন্তা আব্দুল হকৰ ঘৰ ৰখীয়া হ’বলৈ গৈ ডকাইত চুবুৰ আলি আৰু তাৰ লগৰীয়াৰ হাতত প্ৰাণ দিবলগা হৈছিল।
বিভিন্ন সংবাদ গোষ্ঠীয়ে পৰিবেশন কৰা বাতৰি মৰ্মে ইতিমধ্যে হাতীগাঁও থানাৰ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱা দুধৰ্ষ ডকাইত চুবুৰ আলিৰ পূৰ্বৰ চিনাকী মৌলানা চাহেবক পিছলৈ ধৰা পৰাৰ পৰা হাত সাৰিবলৈ হাতত থকা চাবোলেৰে মুৰত মাৰি বগৰাই দিয়া ,লগৰ জনে পিছ ফালৰ পৰা মৌলানাৰ ডিঙিত আঘাত কৰা আৰু মৰিয়াই মৰিয়াই হত্যা কৰা বুলি দিয়া স্বীকাৰোক্তি নিশ্চয় সকলোৰেই অসহনীয় হৈ পৰিছে। মন কৰিবলগা বিষয় এই যে প্ৰায় দেৰ বছৰ পূৰ্বেও এইজন চুবুৰ আলিয়ে আন এক হত্যাকাণ্ডৰ গোচৰত হাতীগাঁও থানা আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈ জেল হাজোতলৈ যাব লগা হৈছিল। উপযুক্ত শাস্তিৰ সলনি আইনী মেৰপাকৰ আশীৰ্বাদত হত্যাকাৰীজন মুকলি আকাশৰ তললৈ ওলাই আহিছিল ।ফলশ্ৰুতিত পুনৰ আন এক হৃদয় বিদাৰক হত্যাকাণ্ড সংঘটিত কৰাৰ সুবিধা পালে।
বাতৰিৰ প্ৰকাশ পোৱা মতে ধৃত হত্যাকাৰী চুবুৰ আলিৰ ঘৰ বকো ছয়গাঁৱৰ জোৰ শিমলুৰ চৰাঞ্চলত । অৰ্থাৎ হত্যাকাৰী মিঞা মুছলমান সম্প্ৰদায়ৰ। সততে অসমত সংঘটিত হৈ থকা চুৰি , ডকাইটি , হত্যা , ধৰ্ষণ , লুণ্ঠনৰ দৰে ঘটনাত জৰিত সকলৰ সিংহ ভাগ কিন্তু এই মিঞা জনগোষ্ঠীৰ। কুখ্যাত হত্যাকাৰী চুবুৰ আলি আৰু তাৰ ঘৈণীয়েক আন্না খাতুনক গ্ৰেপ্তাৰৰ প্ৰায় দুদিন পাৰ হৈ গ’ল। বিভিন্ন ক্ষেত্ৰত ইমান দিনে দৃষ্টিগোচৰ হৈ অহা অসমৰ মিঞা জনগোষ্ঠীৰ চেতনা সৰ্বস্ব দল , সংগঠনবোৰ কিন্তু এই পৰ্যন্ত নিমাত হৈ আছে। অসম মিঞা পৰিষদ , সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা আৰু সদৌ অসম সংখ্যালঘু গণ সংগ্ৰাম পৰিষদকে ধৰি সকলো বোৰ মিঞা মুছলমানকলৈ গঠিত দল , সংগঠনবোৰে শোক প্ৰকাশ কৰি হত্যাকাৰীক উপযুক্ত শাস্তি বিহাৰ দাবী উত্থাপন কৰা দূৰৰে কথা শোক সন্তপ্ত পৰিয়ালবৰ্গ আৰু আঞ্চলিক ৰাইজক সমবেদনা জনাবলৈয়ো সেই দল , সংগঠনৰ নেতৃত্বই আহৰি পোৱা নাই। এয়া সঁচাকৈয়ে নিন্দনীয় আৰু গৰিহনাৰ যোগ্য।
অসমত বসবাস কৰা মুছলমান সকল জনগোষ্ঠীয় হিচাপত দুটা ভাগত বিভক্ত। তাৰে এটি হৈছে ত্ৰয়োদশ শতিকাৰ প্ৰায় অষ্টম দশকৰ পৰা অসমত বসবাস কৰি অহা খিলঞ্জীয়া মুছলমান সকল । এই সকলৰ প্ৰায় ভাগে ধৰ্মান্তৰিত। আনটো ভাগ হৈছে উনবিংশ শতিকাৰ চল্লিছৰ দশকত অসমত কৃষিকৰ্মত নিয়োগ কৰিবলৈ আমদানি কৰা বাংলাদেশমূলীয় মিঞা মুছলমান সকল । সেই সময়ৰ পৰা সাম্প্ৰতিক সময়লৈ বাংলাদেশৰ পৰা অসমলৈ প্ৰবজন ঘটি থকা কাৰ্যই অসমত সৃষ্টি কৰিছে বিদেশী সমস্যাৰ। সেয়া আন এক অধ্যায়।
দুয়ো শ্ৰেণী ধৰ্মগত ভাবে একে হ’লেও সভ্যতা আৰু সংস্কৃতিৰ ভিন্নতাৰ বাবে কোনো কালেই এক হ’ব নোৱাৰে।
মৌলানা জয়নুদ্দিন আহমেদ কাছিমীৰ হত্যাকাণ্ডই অসমৰ খিলঞ্জীয়া মুছলমান সকলৰ উপৰিও আন ধৰ্মাৱলম্বী সকলোৰো অন্তৰাত্মাক সাংঘাটিক ভাবে জোকাৰি গৈছে। সততে অপৰাধ প্ৰবণ এই মিঞা জনগোষ্ঠীৰ প্ৰায় সংখ্যক লোকৰ বাবে সমগ্ৰ মিঞা জনগোষ্ঠীটোৱেই অসমৰ খিলঞ্জীয়া সকলৰ মনত অবিশ্বাসৰ পাত্ৰ হৈ পৰিছে।
ওপৰোক্ত দিশবোৰৰ পৰ্যালোচনাৰ অন্তত পুনৰ খিলঞ্জীয়া হিন্দু , মুছলমান আৰু খ্ৰীষ্টান আদি সকলোৱে নিজৰ অস্তীত্ব বৰ্তাই ৰাখিবলৈ এই মিঞা জনগোষ্ঠীৰ ওপৰত কেনে ধৰণৰ মানসিকতা গ্ৰহণ কৰিবলগা হয় সেয়া সময়ে নিশ্চয় দিশ নিৰ্ণয় কৰিব।