হাগ্ৰামা – হিমন্ত ৰ গোপন মিতিৰালি

pc OpIndia

হাগ্ৰামা – হিমন্তৰ গোপন মিতিৰালি

ৰঙিলী বাৰ্ত্তাসেৱা – ৰাজহুৱা মঞ্চত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা অথবা বিজেপিৰ নেতৃত্বই হাগ্ৰামা মহিলাৰী আৰু বি পি এফ দলৰ সতে মিত্ৰতা নাই বুলি জহাই ফুৰিলেও আজি বাকছাৰ নিৰ্বাচনী সভাত একেলগে বি পি এফ, ইউ পি পি এল, অগপ আৰু বিজেপিৰ পতাকা একেখন মঞ্চত আৰু শালবাৰীৰ পদূলিয়ে পদূলিয়ে দেখি বুজিবলৈ একো বাকী নাথাকিল যে ইতিমধ্যে গোপন মিত্ৰতা সম্পন্ন হৈছে দুই পুৰণি মিত্ৰ ড০ হিমন্ত বিশ্ব শৰ্মা আৰু হাগ্ৰামা মহিলাৰীৰ মাজত৷তাৎপৰ্য পূৰ্ণভাৱে আজি ৰূপহীত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰাৰ পাছত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত স্বয়ং মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বি পি এফে বিজেপিক সমৰ্থন কৰা স্বীকাৰ কৰাৰ লগতে তেওঁৰ স্থিতি আজি নৰম দেখা যায়৷ লক্ষণীয়ভাৱে আজি ৰূপহীত মুখ্যমন্ত্ৰী গৰাকীৰ লগতে একেলগে বি টি আৰ প্ৰধান প্ৰমোদ বড়ো ও উপস্হিত আছিল যদিও আজি কোনেও মঞ্চত এনেদৰে পতাকা সন্মিলিত কৰাৰ পাছতো কৌশলগতভাৱে কোনেও বি পি এফ অথবা হাগ্ৰামা মুহিলাৰীৰ প্ৰসংগ এৰাই চলা পৰিলক্ষিত হ’ল ৷অতি গুৰুত্বপূৰ্ণ কথা যে আজি ৰূপহীৰ সভাখনত বি পি এফৰ সমৰ্থক সকল কেনেদৰে আজি মুখ্যমন্ত্ৰীৰ সভালৈ আহিব সেয়া স্বয়ং হাগ্ৰামা মহিলাৰীয়ে কালি ৰূপহীত উপস্থিত হৈ গোপন সভা পাতি কৰ্মী সকলক নিৰ্দেশ দিছিল৷ আমাৰ হাতত থকা খবৰ অনুসৰি হাগ্ৰামা মুহিলাৰীৰ পূৰ্বৰ ঘোষণা অনুসৰি ভবানীপুৰত বিজেপি প্ৰাৰ্থী ফনিধৰ তালুকদাৰক সমৰ্থন দিয়াৰ ক্ষেত্ৰত ইতিমধ্যে শালবাৰী বি পি এফৰ ছয় খন প্ৰাথমিকক দিনে নিশাই ফনিধৰ তালুকদাৰৰ সপক্ষে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ নিৰ্দেশ দিয়া হৈছে ৷অৱশ্যে এনে গোপন মিত্ৰতাৰ বাহ্যিক প্ৰকাশৰ বাবে কিছু পৰিৱেশ আৰু নিৰ্বাচনী ফলাফলৰ ওপৰত বহু খিনি কথা আহিব যাৰ জৰিয়তে হয়তো কম সময়ৰ ভিতৰতে হাগ্ৰামা মহিলাৰী ও বি টি আৰ চৰকাৰৰ অংশীদাৰ হৈ পৰাৰ সম্ভাৱনা এতিয়া অধিক ৷তদুপৰি ৰাজ্যসভাৰ নিৰ্বাচনৰ ক্ষেত্ৰতো বিজেপিক হাগ্ৰামা মুহিলাৰীৰ প্ৰয়োজনীয়তা আছে বুলি ৰাজনৈতিক মহলত চৰ্চ্চা অব্যাহত আছে৷ এতিয়া ভবানীপুৰত বি পি এফৰ দ্বাৰা বিজেপিক সমৰ্থন, তামুলপুৰত বি পি এফ নেতা গনেশ কছাৰীৰ বি পি এফ কৰ্মী ৰ সমৰ্থনত নিৰ্দলীয় প্ৰাৰ্থী ৰূপে নিৰ্বাচনত অংশগ্ৰহণ আৰু গোসাঁইগাঁওত বি পি এফৰ শক্তিশালী ভেটিৰ ক্ষেত্ৰত এতিয়া যে উপ নিৰ্বাচনৰ ফলাফলত বহু অংক জড়িত হৈ আছে সেয়া কিন্তু নিশ্চিত৷ তদুপৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ হাগ্ৰামা মহিলাৰীৰ প্ৰতি নম্ৰ ব্যৱহাৰ আৰু বাৰাম্বাৰ হাগ্ৰামা মহিলাৰীৰ মিত্ৰতা সন্দৰ্ভত দৃহতাই আজি যেন গোপন মিত্ৰতাৰ বহু কথা পোহৰলৈ আনিলে।