হাইটি ৭.২ ৰিখটাৰ স্কেলৰ ভূমিকম্পত বিধ্বস্ত
অনলাইন বাৰ্ত্তাসেৱা- কেৰিবিয়ান দ্বীপৰাষ্ট্ৰ হাইটিক পুনৰ ভয়ংকৰ ভূঁইকঁপে বিধ্বস্ত কৰিলে। শনিবাৰে হোৱা ৰিখটাৰ স্কেলত ৭.২ প্ৰাব্যলৰ ভুঁইকঁপত প্ৰায় নিহত হোৱা লোকৰ সংখ্যা ১৩০০ জনলৈ বৃদ্ধি পাইছে। ৫,৭০০ জন লোক এই ভুঁইকঁপত আহত হৈছে। মাৰ্কিন জিঅ‘ল‘জিকেল ছাৰ্ভেৰ তথ্য অনুসৰি হাইটিৰ প্ৰধানকৈ দক্ষিণ-পশ্চিম অংশক জোকাৰি যোৱা এই ভুঁইকঁপত কেইবাখনো নগৰ চহৰ বিধ্বস্ত হৈছে। ভুঁইকঁপত বিধ্বস্ত অঞ্চলতসমূহত উদ্ধাৰ অভিযান চলাই থকাৰ মাজতে কেৰিবিয়ান সমুদ্ৰত সৃষ্টি হোৱা প্ৰবল নিম্নচাপৰ ফলত দেশখনত শীঘ্ৰেই প্ৰবল সামুদ্ৰিক ঘূৰ্ণি বতাহ আৰু ধাৰাসাৰ বৰষুণ হোৱাৰ আগজাননী দিছে মাৰ্কিন বতৰ বিজ্ঞান বিভাগে। হাইটিৰ ৰাজধানী প‘ৰ্ট-অউ-প্ৰিন্সৰ পৰা প্ৰায় ১২৫ কিলোমিটাৰ নিলগত উৎপত্তি হোৱা প্ৰবল ভূঁইকঁপৰ পৰৱৰ্তী পৰ্যায়ত সমগ্ৰ অঞ্চলটোক কেইবাটাও সৰু-বৰ ভূঁইকঁপে জোকাৰি গৈছে। লেছ কেইছ নামৰ চহৰখন ভূঁইকঁপত বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পায়। ভূঁইকঁপে জোকাৰি যোৱা অঞ্চলসমূহত ১২ হেজাৰৰো অধিক ঘৰ বিধ্বস্ত হৈছে।
(RT)