হজ যাত্ৰাৰ বাবে নতুন নির্দেশনা জাৰি

pc assam.news18.com

হজ যাত্ৰাৰ বাবে নতুন নির্দেশনা জাৰি

দিছপুৰ, ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় হজ কমিটি, মুম্বাইৰ দ্বাৰা যোৱা ৯ এপ্ৰিলত জাৰি কৰা নিৰ্দেশনা আৰু ১১এপ্ৰিলত জাৰি কৰা সংশোধনী মৰ্মে চৌদি আৰৱ ৰাজ্যৰ হজ আৰু ওমৰাহ মন্ত্ৰালয়ে ঘোষণা কৰা চলিত বৰ্ষৰ নিয়ম অনুযায়ী হজ-২০২২ পৰিচালিত হ’ব বুলি হজযাত্ৰীসকলক জনোৱা হৈছে। সেই অনুসৰি ৬৫ বছৰ বয়সৰ তলৰ আৰু চৌদি স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত প্রধান ক’ভিড ১৯ ছিটা গ্ৰহণ কৰা লোকসকলৰ বাবে এই বছৰৰ হজ মুকলি থাকিব। আনহাতে চৌদি ৰাজ্যলৈ বাহিৰৰ পৰা যোৱা হজযাত্ৰীসকলে যোৱাৰ সময়ত ৭২ ঘণ্টাৰ ভিতৰত কৰা পৰীক্ষাৰ নেতিবাচক ক’ভিড-১৯ পি চি আৰ ৰিপোর্ট জমা দিব লাগিব। তদুপৰি সকলো হজযাত্রীয়ে বাধ্যতামূলকভাৱে স্বাস্থ্য নির্দেশনাৱলী অনুসৰণ কৰিব লাগিব আৰু হজৰ আনুষ্ঠানিকতা পালনৰ সময়ত তেওঁলোকৰ স্বাস্থ্যৰ নিৰাপত্তা ৰক্ষাৰ কাৰণে সমস্ত সতর্কতামূলক ব্যৱস্থা মানি চলিব লাগিব। ওপৰত উল্লেখিত নিৰ্দেশনাৰ পৰিপ্ৰেক্ষিতত অহা ৩০ এপ্রিলক ভিত্তি তাৰিখ হিচাপে লৈ ৬৫ বছৰ বয়সৰ ঊৰ্দ্ধৰ সকলো আবেদনকাৰী হজ-২০২২ৰ বাবে অযোগ্য বিবেচিত হ’ব। একেদৰে যিসকল মেহৰামৰ বয়স ৩০ এপ্রিল ২০২২ তাৰিখে ৬৫ বছৰৰ বেছি হ’ব, তেওঁলোকৰ আবেদনো নাকচ কৰা হ’ব। এই ব্যৱস্থাই ৭০+ বছৰ বয়সৰ ‘সঙ্গী’কো প্ৰভাৱিত কৰিব। এক প্ৰেছবার্তা যোগে অসম, মেঘালয়, নাগালেণ্ড আদিৰ যুটীয়া ৰাজ্যিক হজ কমিটিয়ে ইচ্ছুক হজযাত্ৰীসকলক ২২ এপ্রিল, ২০২২ তাৰিখৰ ভিতৰত অনলাইন যোগে নতুনকৈ হজৰ আবেদন দাখিল কৰিবলৈ আহ্বান জনাইছে। আবেদন পত্র দাখিল কৰাৰ সময়ত কেইটামান চৰ্ত মানিব লাগিব। এই অনুসৰি আবেদনকাৰী ৯ এপ্রিল, ২০২২ বা তাৰ আগতে জাৰি কৰা আৰু ৩১ ডিচেম্বৰ, ২০২২ লৈকে ম্যাদ থকা machine readable বৈধ ভাৰতীয় আন্তর্জাতিক পাচপ’ৰ্ট থকা হ’ব লাগিব। আবেদনকাৰীৰ বয়স ৬৫ বছৰৰ বেছি হ’ব নোৱাৰিব। ৬৫ বছৰৰ উৰ্দ্ধৰ মেহৰামসকলো হজ ২০২২ৰ বাবে অযোগ্য বিবেচিত হ’ব। আনহাতে আবেদনকাৰীয়ে চৌদি আৰৱ ৰাজ্যৰ চৌদি স্বাস্থ্য মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত প্রধান ক’ভিড-১৯ টিকা গ্ৰহণ কৰা হ’ব লাগিব। হজৰ আনুষ্ঠানিকতা পালনৰ সময়ত তেওঁৰ স্বাস্থ্য আৰু নিৰাপত্তা ৰক্ষাৰ বাবে সমস্ত সতর্কতামূলক ব্যৱস্থা মানি চলিবলৈ প্ৰস্তুত থাকিব লাগিব। উল্লেখযোগ্য যে এই নীতি-নিৰ্দেশনা জাৰী কৰাৰ ফলত যিসকল আবেদনকাৰীয়ে হজ যাত্ৰা কৰিব নিবিচাৰে, তেওঁলোকে আৱেদন-পত্র প্রত্যাহাৰ কৰিব পাৰিব।