সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদ এৰিলে

pc Wikipedia

সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদ এৰিলে

অনলাইন বাৰ্ত্তাসেৱা- মাজুলীৰ বিধায়ক তথা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে দেশৰ নিৰ্বাচন আয়োগে অসমৰ ৫ বিধানসভা সমষ্টিৰ বাবে উপ নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পিছমুহূর্ততে বিধায়ক পদ ত্যাগ কৰিলে। বিধানসভাৰ অধ্যক্ষলৈ এক পত্রযোগে সর্বানন্দ সোণোৱালে বিধায়ক পদ ত্যাগ কৰে। কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল অসমৰ পৰা ৰাজ্যসভালৈ বিনা প্রতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হয়। ৰাজ্যসভালৈ নির্বাচিত হোৱাৰ পিছতেই সোণোৱালে অসম বিধানসভাৰ সদস্যপদ ত্যাগ কৰে।