সৰস্বতী পূজা আৰু বৰ্তমান প্ৰজন্মৰ কিছু প্ৰাসংগিকতা – মিনাক্ষী হাজৰিকা

সৰস্বতী পূজা আৰু বৰ্তমান প্ৰজন্মৰ কিছু প্ৰাসংগিকতা
মিনাক্ষী হাজৰিকা
                    দেওমৰনৈ
প্ৰতিবছৰে শিক্ষা আৰু জ্ঞানৰ দেৱী সৰস্বতীক সকলোতো পূজা অৰ্চনা কৰা হ’য়। প্ৰত্যেকখন শিক্ষানুষ্ঠানতে দেৱী সৰস্বতীৰ বন্দনাৰে মুখৰিত হ’য়। প্ৰতি বছৰে মাঘ মাহৰ শুক্লা পঞ্চমী তিথিত এই পূজা পতা হ’য়। বিশেষকৈ শিক্ষানুষ্ঠান সমূহত এই পূজা পতা অনুষ্ঠিত কৰা হ’য়। প্ৰত্যেকখন শিক্ষানুষ্ঠানতে ছাত্র-ছাত্ৰীসকলে সুন্দৰকৈ সাজ-পাৰ পৰিধান কৰি তাত অংশগ্রহণ কৰে। যিটো আচলতে আগৰে পৰাই চলি আহিছে। কিন্তু বৰ্তমান সময়ত যেন এই সাজ পাৰ সমূহক লৈ সকলো এক প্ৰতিযোগীতাত নামি পৰিছে। দামী কাপোৰ, মেক-আপ, ফটো, ছেলফি আদিয়ে বেছিকৈ প্ৰাধান্য পাইছে। য’ত দেৱী সৰস্বতীৰ বন্দনাত মগ্ন হ’ব লাগে, দেৱী সৰস্বতীৰ আশীষ লোৱাত ব্যস্ত হব লাগে। তাত কেৱল প্ৰতিযোগীতা বাঢ়িছে সকলোৰে মাজত সুন্দৰী কেনেকৈ হ’ব পাৰি। অত্যাধুনিক সাজ সজ্জাৰে নিজকে সুন্দৰী কৰি কেনেকৈ তুলিব পাৰি। আনকি সৰস্বতী পূজা উপলক্ষে যুৱতীসকলৰ মাজত সুন্দৰী প্ৰতিযোগীতাও অনুষ্ঠিত কৰা দেখা যায়। যিয়ে নেকি নতুন প্ৰজন্মক সৰস্বতী পূজা উপলক্ষে চলা প্ৰতিযোগীতাখনত অন্তর্ভুক্ত কৰিবলৈ আৰু উৎসাহিত কৰে। য’ত দেৱী সৰস্বতীৰ নামত কৰা পূজাখনৰ অস্তিত্বই নাইকিয়া হৈ যায়। অত্যাধুনিক সাজ পাৰ ,ফটো, ছেলফি আদিত নিজকে বিশ্ব সুন্দৰীৰ ৰূপত প্ৰতিপন্ন কৰাত সকলো মগ্ন হৈ পৰে। ইয়াৰ উপৰিও আধুনিকতাৰ নামত নিজকে মগ্ন কৰা কিছুমান পূজা মণ্ডপসমূহকলৈও প্ৰতিযোগীতাত নামি যোৱা দেখা যায়। যে নিজে তৈয়াৰ কৰি উলিওৱা পূজা মণ্ডপখন শ্ৰেষ্ঠ হ’ব লাগিব। যাৰ ফলত অত্যাধুনিক সাজ-সজ্জাৰে বিকৃত কৰি পেলোৱা পৰিলক্ষিত হ’য়। কেৱল এইয়াই নহ’য় অতিকৈ লাজ লগা কথা যে বৰ্তমান প্ৰজন্মই নাজানে দেৱী সৰস্বতীৰ আন আন নামসমূহ কি? নাজানে দেৱী সৰস্বতীৰ বাহন কি? ভাবিলে আচলতে আচৰিত লাগে যে বৰ্তমান সমাজখন অথবা বৰ্তমান প্ৰজন্ম কোন দিশে আগবাঢিছে?নিজৰখিনি বাদ দি সকলো কেৱল পশ্চিমীয়া সংস্কৃতিসমূহ আকোঁৱালি লোৱাত ব্যস্ত হৈ পৰিছে।