সৰবৰহী যুৱক জগদীশ দাসৰ অকাল বিয়োগ

Pc The Indian Express

সৰবৰহী যুৱক জগদীশ দাসৰ অকাল বিয়োগ

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ ধীৰেনপাৰাৰ উজ্জ্বলনগৰৰ নিবাসী,সমাজকৰ্মী,ব্যৱসায়ী জগদীশ দাসৰ বুধবাৰে ষ্ট্ৰক হৈ এখন ব্যক্তিগত হাস্পতালত অকাল মৃত্যু হয়৷মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৪৩ বছৰ৷তেওঁ সহজ- সৰল,অমায়িক স্বভাৱৰ যুৱক আছিল৷তেওঁৰ মৃত্যুত অঞ্চলটোত এক শোকৰ ছাঁ পৰে৷জগদীশ দাসে ধীৰেনপাৰত গাড়ীৰ সামগ্ৰীৰ দোকান আৰম্ভ কৰি পৰিয়ালটোক পোহপাল দি আহিছিল৷তেওঁ অঞ্চলটোৰ বিভিন্ন সামাজিক,ধৰ্মীয় অনুষ্ঠান- প্ৰতিষ্ঠানৰ লগত জড়িত আছিল৷মৃত্যুৰ সময়ত দেউতাক,মাক,দাদাক,বৌয়েক,বায়েক,পত্নী,এজন ল’ৰা সহ অনেক গুণমুগ্ধক এৰি যায়৷