স্মৃতিৰ দলিচাত ২০২৩ বৰ্ষ – ৰশ্মি ৰেখা দুৱৰা

PC - Adobe Stock
স্মৃতিৰ দলিচাত ২০২৩ বৰ্ষ
ৰশ্মি ৰেখা দুৱৰা, ডিব্ৰুগড়
প্ৰতিটো ঋতুতে প্ৰকৃতিয়ে ৰূপ সলাই নতুন ৰূপেৰে সজীৱ হৈ উঠাৰ দৰে ব্যক্তি বিশেষে সময়ে- সময়ে ৰূপ সলাই নিজৰ পৰিচয় উদঙাই দিয়ে।সময়ৰ চাকনৈয়াত সকলো বুজি উঠা যায়।বসন্ত ঋতুত ব’হাগৰ ৰঙ-ৰহইচৰে উপচি পৰি অসমীয়া নৱবৰ্ষৰ শুভাৰম্ভণি ঘটায়হে; লাহে-লাহে গতি কৰি বছৰটিয়ে মেলানি মগাৰ ক্ষণ আহি পৰে।ঠিক তেনেদৰে মনতে আছিল সমূহীয়াকৈ আনন্দৰে ভোজ ভাত খায় ইংৰাজী নৱবৰ্ষক আদৰণি জনোৱা সেই মুহূৰ্তবোৰৰ কথা।কোন পলকতে পাখিলগা কাড়ৰ দৰে সময়ে গতি কৰিছে বাধা দিওঁ ৰখাবলৈ সাধ্য নাই।সময়ৰ আহ্বানত বছৰটোৱে মেলানি মাগিবলৈ অন্তিম ক্ষণ গণিছে।বছৰটোক বিদায় দিবলৈ আমি সকলো সাজু হৈ পৰিছোঁ।সকলোৰে জীৱনলৈ একে সময়তে সুখ নামি নাহে।কাৰোবাৰ জীৱনত যদি সুখৰ বান নামিছে,কাৰোবাৰ জীৱনত দুখৰ বান নামি চকুপানীৰে বাট নেদেখাও হ’ব পাৰে।সুখ-দুখৰ মাজেৰেই জীৱন।তথাপিও জীৱন বৰ অনুপম।জন্ম হ’লে যিহেতু মৃত্যু হয়।ঠিক তেনেদৰে দুখৰ মাজতো সুখেৰে ভুমুকি পৰে।পোৱা-নোপোৱা,হৰ্ষ-বিষাদৰ মাজেৰেই জীৱন।২০২৩ বৰ্ষত বহুতো ব্যক্তিৰ লগত পৰিচিত হবলৈ সৌভাগ্য ঘটিল।বিশাল মনৰ ব্যক্তিসকলৰ এষাৰ কথাতেই যেন জই পৰা সপোনবোৰে পুনৰ জীপ দি উঠিবলৈ সাহস পায়।সঁচায়ে বৰ্ষটোত বহু সন্মানীয় ব্যক্তিৰ আশীৰ্বাদ লাভ কৰিলোঁ।নিজৰ কষ্টৰ ফলত পোৱা সৰু সৰু সফলতাবোৰতে সুখী অনুভৱ কৰোঁ।আকাশ চুই তৰা গণাৰ সপোন নাই,মাটিৰ ধূলি উৰুৱাই সপোনৰ পাতনি মেলোঁ।২০২৩ বৰ্ষটোৱে বহুত একো দিব নোৱাৰিলেও ব্যস্ততাৰ মাজতে কেনেকৈ আনন্দ উপভোগ কৰিব পাৰি বুজাই দিলে।সুখৰ মুহূৰ্তবোৰ স্মৃতিৰ জোলোঙাত ভৰাই থৈছোঁ।সময় পালে পুনৰ জোলোঙাটো খুলি হেঁপাহেৰে যাতে স্মৃতিত ডুব যাব পাৰোঁ।দুখৰ মাজতে যেনেকৈ সুখেৰে ভুমুকি মাৰে।ঠিক তেনেকৈয়ে সুখৰ মাজতো দুখেৰে ভুমুকি মাৰে।প্ৰচণ্ড ধুমুহাজাক আহিলে হয়তো বতৰে আগজাননী দিয়ে।প্ৰকৃতি ৰুষ্ট হৈ পৰিছে বতৰ বেয়াফালে ঢাল লৈছে বুলি আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰিবলৈ।যেতিয়া হয়তো ভূমিকম্প আহে কাকো নজনোৱাকৈ,সাৱধানতা অৱলম্বন কৰিবলৈ সময়ে পোৱা নাযায়।জীৱনত কেতিয়াবা প্ৰচণ্ড ধুমুহাৰ লগতো যুঁজিব লগা হয়,কেতিয়াবা ভূমিকম্পৰ লগতো।২০২৩ বৰ্ষটো এটা ডাঙৰ ভূমিকম্পৰ মুখামুখি হৈছিলোঁ।না জল-না স্থল অৱস্থা হৈছিল।সেই সময়খিনিত মোৰ সাহস হৈ ৰোৱা ব্যক্তিসকল সদায় ভগৱানস্বৰূপ।ধুমুহা,ভূমিকম্প সকলোৰে লগত যুঁজিব পৰাকৈ নিজকে সাহসী কৰি তুলিছোঁ।ল’ৰা সন্তান নথকা ঘৰৰ ছোৱালীক হয়তো ভগৱন্তই  ইমানখিনি সাহসী কৰি তোলে প্ৰকাণ্ড ভূমিকম্পকো মষিমূৰ কৰি জয়ী হ’বলৈ।জীৱনত যদি সমস্যাই নাথাকে ‘সমাধান’ শব্দটোৰ অস্তিত্ব ক’ত?সমস্যা থাকিলে সমাধান হ’বই।দুখৰ মাজতে সুখ আহিবই।২০২৩ বৰ্ষটোত কোনো ব্যক্তিৰ জীৱনতে হওক বা সমাজখনতে হওক যিবোৰ বেয়া সময় চলি আহিছিল।সেই সকলোখিনি ২০২৩ বৰ্ষতে অৱসান ঘটক।নতুন বছৰত যাতে আমি সকলোৱে নতুন চিন্তাধাৰাৰে আগুৱাই যাব পাৰোঁ।মিলাপ্ৰীতিৰে আমি পিছহুহুকি ৰোৱা ব্যক্তিজনৰ হাতখনত হাত আগবঢ়াইয়ো যাতে আগুৱাব পাৰোঁ।বেয়া সময় সকলোৰে আহে,সময়ৰ লগত আমি হাৰ মানিলে নহ’ব।হৈ যোৱাটো অতীত,বৰ্তমানটো সুন্দৰ কৰি নতুন চিন্তাধাৰাৰে পুৰণিক বিদায় দি নতুনক আদৰোঁ আহক।২০২৪ বৰ্ষৰ পহিলা দিনটোৰ পুৱাতে সূৰুযে জগতখনক ৰঙীন কৰি তুলিব,নতুন বছৰটিয়ে যাতে সকলোৰে জীৱনলৈ সুখ-শান্তি,সমৃদ্ধিয়ে বিৰাজ কৰে।