স্বাৰ্থ !
সম্পৰ্কীয় বা চিনাকি কিছুমান মানুহ টাওনলৈ কিবা কামত আহিলে আমাৰ ঘৰলৈ আহে ৷ বিশেষকৈ , ৰাতি থাকিব লগা হ’লে ৷ আমিও শক্তি অনুযায়ী সহায় কৰোঁ , শুশ্ৰূষা কৰোঁ ৷ এবাৰ মোৰ স্বামীয়ে এজন চিনাকি ল’ৰাৰ অভিভাৱক হৈ চহী কৰিব লগা হৈছিল ৷ সেই ল’ৰাজনৰ পৰিয়ালৰ কেইবাজনো সদস্যক ৰাতি আঠ বজাত ডিউটিৰ মাজতে গৈ টাওনৰ পৰা আগবঢ়াই নি নিজৰ অফিচত ( টুৰিষ্ট লজ ) থাকিবলৈ সুবিধা কৰি দিছিল ৷ সেই সময়ত মই গাঁৱৰ ঘৰত আছিলো ৷ ল’ৰাই ময়ে টাওনলৈ অহাৰ পিছত স্বামী অন্য ঠাইলৈ বদলি হৈ গৈছিল যদিও মাজে মাজে ৰাতি থকা আলহী আহিছিল ৷
ভাড়াঘৰত থাকোঁ বাবেই বহুত সতৰ্ক হৈ থাকোঁ ৷ কিছুমান মালিকে আলহী আহিলে বেয়া পায় , কিছুমান মালিকৰ আলহী নাহিলে কৌতূহল হয় ৷ সকলো কথা প্ৰকাশ কৰিব নোৱাৰি ৷ যি এই সমস্যাত পৰিছে , তেওঁহে অনুভৱ কৰিব পাৰিব ৷ ক’ৰণা মহামাৰীয়ে আলহী অহা – যোৱা কৰাত বাৰুকৈয়ে প্ৰভাৱ পেলালে ৷ কথাটো এনেকুৱা , কাৰোবাৰ ঘৰলৈ আলহী আহিলেও ওচৰ চুবুৰীয়াই চকু দিয়ে ৷
কেইমাহমানৰ আগতে স্বামীৰ সম্পৰ্কীয় এঘৰে ফোন কৰিলে , “ টাওনলৈ আহিছো , সোমাব পাৰোঁ !’’
মই “ এতিয়া নাহিবা , ল’ৰাৰ অন লাইন পৰীক্ষা ৷ কাষৰ ৰুমত থকা ছোৱালীজনীৰো পৰীক্ষা ৷ মালিকে মানা কৰি থৈছে ’’ বুলি ক’লো ৷ তাৰ পিছৰ পৰা আজিলৈকে তেওঁলোকে ফোন ,ফেচবুক সকলো বন্ধ কৰি দিলে ( লাইক , কমেণ্ট ) ৷ অন্য এদিন চিনাকি যুৱক এজনে ল’ৰালৈ ফোন কৰিলে , “ অমুক ঠাইত আছো ৷ আগবাঢ়ি আহাঁ ৷ ” ল’ৰা কিবা কামত দূৰত আছিল ৷ “ না ’’ কৰাৰ পিছত ফেচবুক বন্ধ ৷ কিন্তু , ল’ৰাই আগতে কেইবাবাৰো ( গাঁৱত থকা ঘৰৰ ) লগৰ ল’ৰা বা অন্য চিনাকিজনকো টাওনলৈ আগবাঢ়ি গৈ বাট দেখুৱাই আমাৰ ঘৰলৈ লৈ আহিছে ৷ সকলো কথা ফোনত বুজাই ক’ব নোৱাৰি , ক’লেও বিশ্বাস নকৰিব ৷ চাকৰি , ল’ৰা – ছোৱালীৰ পঢ়া – শুনা , বা অন্য কিবা কাৰণতহে আমাৰ দৰে কিছুমান পৰিয়ালে নিজৰ ঘৰ – দুৱাৰ এৰি ভাড়াঘৰত থাকিবলগীয়া হয় ৷ থকা কোঠাৰো অসুবিধা হয় ( পঢ়া – শুনাৰ ক্ষেত্ৰত ) ৷ কেতিয়াবা কিবা কাৰণত শুশ্ৰূষা কৰিব নোৱাৰোঁ ৷ তাৰমানে এইটো নহয় যে সম্পৰ্ক শেষ ৷ মনতে ভাৱ হয় – স্বাৰ্থ থাকিলেহে মানুহে মানুহক বিচাৰে নেকি !
ল’ৰা দুটা সৰু হৈ থাকোঁতে বহুত বিপদ , বহুত সমস্যাৰ সৈতে অক’লে যুজিঁলো ৷ সেই সময়ত যি দুই এজনে অকণমান সহায় কৰিছিল , তেওঁৰ ওচৰত মই কৃতজ্ঞ ৷ এতিয়াও , কোনোবাই মোক যি কোনো ক্ষেত্ৰত সহায় নকৰিলেও বা খবৰ ন’ললেও মোৰ কোনো আক্ষেপ নাই , নাথাকিবও ৷ বিপদত পৰাজনক শক্তি অনুযায়ী ( নিস্বাৰ্থ ) সহায় কৰিবলৈ মই সদায় সাজু ৷ “ যাৰ কোনো নাই , তাৰ ভগৱান আছে “ বাক্যশাৰী মনে প্ৰাণে বিশ্বাস কৰোঁ ৷
***
– অঞ্জুমণি শইকীয়া ৷
যোৰহাট , মালৌ- আলি ৷