স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ব্ৰহ্মপুত্ৰত নান্দনিক দৃশ্য

Pc The Janambhumi

স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ব্ৰহ্মপুত্ৰত নান্দনিক দৃশ্য

ৰঙিলী বাৰ্ত্তাসেৱা-  স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ধুবুৰীত দেখা গ’ল এক নান্দনিক দৃশ্য।’আজাদী কা অমৃত মহোৎসৱ’ৰ অংশ হিচাপে ধুবুৰী জিলা প্ৰশাসনে ধুবুৰী আৰক্ষী আৰু বিএছএফৰ সহযোগত ‘মহাবাহু’ ব্ৰহ্মপুত্ৰৰ ওপৰত ‘তিৰংগা ব’ট ৰেলী’ৰ আয়োজন কৰে।ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে ৭৫খন মেচিন নাও ত্ৰিৰংগা আৰু বেলুনেৰে সুন্দৰকৈ সজাই পৰা তোলা হয়।এই নাওসমূহেৰে ধুবুৰী কাচাৰী ঘাটৰ পৰা চালাকুৰা চৰলৈ উলিওৱা হয় ৰেলী।ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ বাবে ধুবুৰীৰ চৰ অঞ্চলত বাস কৰা হাজাৰ হাজাৰ লোকক সজাগ কৰাৰ বাবে ধুবুৰী উপায়ুক্তই এই উদ্যোগ গ্ৰহণ কৰে।এই দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰে।