স্বাধীনতা

p.c- india.com
স্বাধীনতা
আঠসত্তৰ বছৰ আগত
স্বাধীনতা মানে
খুদীৰাম , ভগত সিং, কুশল কোঁৱৰ
কনকলতা, সুভাষ বসু আদি
শ্বহীদৰ আত্ম বলিদান!
কপালৰ পৰা দুগালে টোপা টোপে সৰি পৰা
কৃষক -মজদুৰৰ কেঁচা ঘামৰ টোপাল!
স্বাধীনতা মানে
সহস্ৰ জনতাৰ মুক্তিৰ জয়গান
আৰু আকাশত পট্ পট্ কৈ উৰি থকা ত্ৰিৰঙ্গা পতাকা!
আঠসত্তৰ বছৰ পিছত
স্বাধীনতা মানে
এ, কে 47
দিন দূপৰত চোতালে চোতালে এবুকু তেজৰ নৈ
আতঙ্ক আৰু বিভীষিকা,
চাৰিওদিশে অন্যায়,দুৰ্নীতি আৰু উৎপীড়ন!
পথাৰে পথাৰে গজি উঠে বিষাক্ত কাঁইটীয়া গছ  ;
শ শ দূৰ্ভগীয়া কৃষকৰ আত্মহণন!
স্বাধীনতা মানে
বৃহৎ নদীবান্ধ
মালতী, চালেহাহঁতৰ মূধচেৰে বাগৰে পানী
হেজাৰ হেজাৰ উদ্বাস্তুৰ বুকু ভঙা কান্দোন!
“কমলা কুঁৱৰী, কমলা কুঁৱৰী পানী কিমান হ’ল?
পানী বহুত হ’ল , কমলা কুঁৱৰী পানীত বুৰ গ’ল
কমলা কুঁৱৰীক মুখাগ্নি দিবলৈ আজি কোনো নাই!
স্বাধীনতা মানে
গণতন্ত্ৰৰ অপমৃত্যু, ধৰ্ম- নিৰপেক্ষতাৰ সমাধি
আৰু আকাশত কঁপি কঁপি উৰি থাকে
ৰক্ত -ৰঙা নিচান! !
নাছিৰ আহমেদ, শিমলাবাৰী গোৱালপাৰা