স্বাগতম নৱবৰ্ষ – ছেলিমা বেগম

PC - Vecteezy
স্বাগতম নৱবৰ্ষ
ছেলিমা বেগম, নগাঁও
 স্বাগতম’ স্বাগতম’ স্বাগতম নৱবৰ্ষ (২০২৪)
বিগত বছৰটোত কৰা ভুল বোৰ ৷
শুধৰণি কৰাৰ সময় আহিছে
সময় বৰ মূল্য মান সময় নাথাকে ৰৈ ।
গুচি যোৱা সময় কেতিয়াবা নাহে
ওভতাই আনিব নোৱাৰে কোনেও।
নিৰাশা বোৰ নাইকিয়া হৈ
আশা বোৰ পূৰ্ণ হওঁক ৷
সাঁচি থোৱা প্ৰতিটো সপোন
বাস্তৱত পূৰ্ণ হওঁক ৷
বিগত বচৰৰ মধুৰ মূহুৰ্ত বোৰ
স্মৃতিৰ মণিকুঠত জিলিকি থাকক ।
নতুন বছৰৰ নতুন আশাৰে মনত লৈ
হেঁপাহৰে আগবাঢ়ি যাম হাতে হাত ধৰি।
নতুন বছৰত খোজ দিওঁতে
নতুন সপোনবোৰ মনত বান্ধি ৷
নতুন বছৰত জীৱনৰ লক্ষ্য আগত ৰাখি
হাঁহি হাঁহি নতুন বছৰ পাৰ হওক তাকে কামনা কৰিলোঁ।
দুখ খিনি চেপি ধৰি ৰাখি অতীতক যোৱা পাহৰি
সুখবোৰ নতুনক লোৱা আদৰি ভবিষ্যৎ আগত ৰাখি।
সফলতাৰ ফাকু চটিয়াই  হাঁহি ফূৰ্তী কৰি
আনন্দৰ জীৱন ৰঙীন কৰি তোলক ৷
নতুন বছৰতেই জাতি  ধৰ্ম নিৰ্বিশেষে
ভেদ ভাৱ’ শত্ৰু তাক নেওচি আহক ৷
আমি সুন্দৰ ভাবে গঢ়ি তোলো
এখন নিকা আৰু সুস্থ সমাজ ৷
তাকে কামনা কৰি সকলো অসম বাসী
ৰাজক নতুন বছৰৰ শুভেচ্ছা জনালোঁ ৷