স্বয়ংক্ৰিয় পৰীক্ষণ কেন্দ্ৰঃ অসমত পথ সুৰক্ষা আৰু পৰিৱেশ সংৰক্ষণত এক অগ্ৰণী পদক্ষেপ

স্বয়ংক্ৰিয় পৰীক্ষণ কেন্দ্ৰঃ অসমত পথ সুৰক্ষা আৰু পৰিৱেশ সংৰক্ষণত এক অগ্ৰণী পদক্ষেপ

ৰঙিলী বাৰ্ত্তাসেৱা- ২০২৩ চনৰ ১০ অক্টোবৰত ৰাজ্যবাসীৰ বাবে এক ঐতিহাসিক পদক্ষেপ হিচাপে অসমৰ মাননীয় পৰিবহণ মন্ত্ৰী শ্ৰীযুত পৰিমল শুক্লবদ্য ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্যৰ তিনিচুকীয়া, যোৰহাট, বিশ্বনাথ আৰু উত্তৰ শালমৰাত চাৰিটা স্বয়ংক্ৰিয় পৰীক্ষণ কেন্দ্ৰ (এটিএছ) স্থাপনৰ বাবে অসম ৰাজ্যিক পৰিবহন নিগম আৰু মেচাৰ্ছ আইটিইইউভি ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ মাজত আনুষ্ঠানিকভাৱে এক চুক্তিত স্বাক্ষৰিত হয়। অসম ৰাজ্যিক পৰিবহন নিগমৰ পৰিচালন সঞ্চালক শ্ৰীযুত ৰাহুল চন্দ্ৰ দাস আৰু মেচাৰ্ছ আইটিইইউভি ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ হৈ জাৰ্মানীৰ এপ্লাছ প্ৰতিষ্ঠানৰ উপাধক্ষ্য হান্স জাৰ্জেন ছিম্পজেনে উক্ত চুক্তিত স্বাক্ষৰ কৰি অসমৰ পৰিবহন খণ্ডত এক আমোল পৰিবৰ্তনৰ সুচনা কৰে। উক্ত এটিএছ প্ৰকল্পসমূহে ৰাজ্য় চৰকাৰৰ পৰিবহন বিভাগ অথবা অসম ৰাজ্যিক পৰিবহন নিগম আৰু মেচাৰ্ছ আইটিইইউভি ইণ্ডিয়া প্ৰাইভেট লিমিটেড আৰু তেওঁলোকৰ স্পেইনৰ ষ্ট’ক বজাৰত তালিকাভুক্ত ভগ্নী সংস্থা মেচাৰ্ছ এপ্লাছ+ আইটিইইউভি টেকন’লজী এছ.এল.ইউ.-ৰ সৈতে উমৈহতীয়াভাৱে ৰাজহুৱা ব্যক্তিগত অংশীদাৰীত্ব (পিপিপি) আৰ্হিত আৰু নিৰ্মাণ (বিল্ট), ক্ৰয় (ওন), কাৰ্য-সম্পাদন (অপাৰেট), আৰু স্থানান্তৰণ (এণ্ড ট্ৰেন্সফাৰ) চমুকৈ বিঅঅটি আৰ্হিৰ অধীনত কাম কৰিব ।ৰাজ্যখনৰ বাবে এক সুৰক্ষিত আৰু পৰিষ্কাৰ ভৱিষ্যত বাবে প্ৰস্তুত কৰা এই প্ৰকল্প হৈছে অসম ৰাজ্যিক পৰিবহণ নিগম আৰু অসম চৰকাৰৰ পৰিবহণ বিভাগৰ নেতৃত্বত এক অগ্ৰণী প্ৰকল্প আৰু ই ভাৰতত এনে দিশত প্ৰথম পদক্ষেপ । মূলত, এই প্ৰকল্পেটাৰ উদ্দেশ্য হৈছে স্বয়ংক্ৰিয়, অত্যাধুনিক বাহনৰ ফিটনেছ পৰীক্ষা আৰম্ভ কৰা, মেনুৱেল হস্তক্ষেপ হ্ৰাস কৰা আৰু স্বয়ংক্ৰিয় পৰীক্ষাৰ জৰিয়তে শেহতীয়া নিয়মাৱলীৰ সৈতে পথত চলাচলৰ বাবে বাহন অনুপালন নিশ্চিত কৰা । একে উদ্দেশ্যেৰে এই এটিএছ কেন্দ্ৰৰ প্ৰাথমিক লক্ষ্য হৈছে অত্যাধুনিক স্বয়ংক্ৰিয় পৰীক্ষা যন্ত্ৰসমূহ, যি বিভিন্ন সুৰক্ষা পৰিমাপ অনুযায়ী বাহনৰ পথত চলাচলৰ যোগ্যতা দক্ষতাৰে মূল্যাঙ্কন কৰিব। এই প্ৰযুক্তি-চালিত পদ্ধতিয়ে আন্তৰ্জাতিক সৰ্বত্তোম পদ্ধতিৰ সৈতে সংগতি ৰাখি বাহন মূল্যায়নৰ সৰ্বোচ্চ মানদণ্ড নিশ্চিত কৰে। লগতে এই কেন্দ্ৰ বাহনৰ কাৰ্যক্ষমতা উন্নত কৰা, পথ সুৰক্ষা যথেষ্ট বৃদ্ধি কৰা আৰু যান-বাহনৰ যান্ত্ৰিক বিজুতিৰ ফলত সংঘটিত হোৱা যান জোঁট প্ৰশমিত কৰাৰ লগতে পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হব। তদুপৰি, এই এটিএছ কেন্দ্ৰসমূহে বাহনৰ প্ৰদূষণ তীক্ষ্ন দৃষ্টিৰে নিৰীক্ষণ আৰু নিয়ন্ত্ৰণ কৰি বাহন ধোঁৱা নিৰ্গমন সম্পৰ্কীয় পাৰিপাৰ্শ্বিক উদ্বেগসমূহ নিয়ন্ত্ৰণ কৰাত এটিএছ কেন্দ্ৰই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই কাৰ্যই পৰিৱেশ সংবৰ্ধন কৰাত সহায় কৰিব আৰু এক পৰিষ্কাৰ আৰু সেউজীয়া পৰিৱেশ সৃষ্টি কৰাৰ দিশত অসমৰ প্ৰতিশ্ৰুতি পালন কৰাত অৰিহণা যোগাব। ইয়াৰ উপৰি এই এটিএছ কেন্দ্ৰবোৰে এক বিস্তৃত ডাটাবেছ (তথ্য ভাণ্ডাৰ) বিকাশিত কৰিব যি বাহনৰ চালিকাশক্তি সম্বন্ধীয় সিদ্ধান্তবোৰ গ্ৰহণ কৰাত মূল্যবান সম্পদ হিচাপে বিবেচিত হব । এনে ডাটাবেচে যানবাহনৰ চালিকা-চক্ৰৰ সময়সীমা আৰু বাহন স্ক্ৰেপিং সুবিধা সংস্থাপনত সহায় কৰাৰ উপৰি গুৰুত্বপূৰ্ণ আঁচনিৰ পৰিকল্পনা আৰু ৰূপায়ণৰ দিশত সহযোগ কৰিব। এনে এক আঁচনি হৈছে বাহন স্ক্ৰেপিং সুবিধাৰ বিকাশ, পুৰণি বাহনৰ পৰিত্যাগ কৰাৰ উপকাৰীতা প্ৰচাৰ কৰা আৰু এক পৰিষ্কাৰ আৰু সুৰক্ষিত পৰিবহনৰ পৰিস্থিতিতন্ত্ৰ সৃষ্টি কৰা। সম্প্ৰতি অসম ৰাজ্যিক পৰিবহণ নিগম (এএছটিচি) পৰিৱৰ্তনৰ মাজেৰে বিকাশৰ পথত দৌৰি আছে আৰু পৰম্পৰাগত বাছ অপাৰেটৰৰ পৰা এগ্ৰিগেটৰ-আধাৰিত সেৱা প্ৰদানকাৰীলৈ বিকশিত হৈছে। পূৰ্বতে আই এণ্ড চি কেন্দ্ৰৰ আধাৰশিলা স্থাপন আৰু এতিয়া এই এটিএছ কেন্দ্ৰ চুক্তি স্বাক্ষৰ কৰাটোৱে এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা হব, যি অধিক বহনক্ষম আৰু পৰিৱেশ অনুকূল কাৰ্যকলাপৰ প্ৰতি এএছটিচিৰ প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিব। এই পৰিৱৰ্তনে সুৰক্ষিত পথ সৃষ্টি আৰু ৰাজ্য়বাসীৰ বাবে এক সেউজীয়া ভৱিষ্যত সুনিশ্চত কৰাৰ ক্ষেত্ৰত পৰিবহণ নিগমৰ সমৰ্পণ আৰু দায়বদ্ধতাক প্ৰতিফলিত কৰিব। এই এটিএছ কেন্দ্ৰসমূহৰ বাবে পুঁজিৰ যোগান ৰাজহুৱা ব্যক্তিগত অংশীদাৰীত্ব (পিপিপি) আৰু নিৰ্মাণ (বিল্ট), ক্ৰয় (ওন), কাৰ্য-সম্পাদন (অপাৰেট), আৰু স্থানান্তৰণ (এণ্ড ট্ৰেন্সফাৰ) চমুকৈ বিঅ’অ’টি আৰ্হিৰ অধীনত হব । এইটোৱে প্ৰকল্পৰ পুঁজি আৰু পৰিচালনাৰ বাবে এক বহনক্ষম দৃষ্টিভংগী নিৰ্ধাৰণ কৰা হৈছে। অসমৰ পৰিবহণ বিভাগ, অসম ৰাজ্যিক পৰিবহণ নিগমে, আৰু মেচাৰ্ছ আইটিইইউভিই ইণ্ডিয়া প্ৰাইভেট লিমিটেডৰ দৰে ব্যক্তিগত প্ৰতিষ্ঠান আৰু মেচাৰ্ছ এপ্লাছ+ আইটিইইউভি প্ৰযুক্তি এছ.এল.ইউ.-ৰ মাজত এই সহযোগিতামূলক প্ৰচেষ্টাৰ অধীনত এই প্ৰকল্পৰ বাবে এ.এছ.টি.চি.য়ে পুঁজি লাভ কৰিব, যাৰ ফলত এই উদ্যোগৰ বাবে তৎপৰতা অধিক বৃদ্ধি হ’ব। সম্পদ আৱণ্টনৰ ক্ষেত্ৰত, অসম ৰাজ্যিক পৰিবহন নিগমে এই এটিএছ কেন্দ্ৰসমূহৰ বাবে ভূমিৰ আৱণ্টন কৰি আছে, আনহাতে ব্যক্তিগত প্ৰতিষ্ঠানবোৰে আন্তঃগাঁঠনি নিৰ্মাণ, সঁজুলি আৰু কাৰ্যকলাপৰ বাবে পুঁজি যোগান ধৰিছে। সম্পদৰ এই কৌশলগত আৱণ্টনে দীৰ্ঘম্যাদী লাভালাভ আৰু মালিকীস্বত্ব নিশ্চিত কৰি স্থিৰতা আৰু দায়বদ্ধতা বৃদ্ধি কৰিব। মূলতঃ স্বয়ংক্ৰিয় পৰীক্ষণ কেন্দ্ৰ স্থাপনৰ বাবে অসমৰ প্ৰচেষ্টাই এক সুৰক্ষিত, পৰিষ্কাৰ আৰু অধিক বহনক্ষম পৰিবহন নেটৱৰ্কৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপক প্ৰতিনিধিত্ব কৰিব। পথ সুৰক্ষা, পাৰিপাৰ্শ্বিক অনুপালন, তথ্য-আধাৰিত সিদ্ধান্ত গ্ৰহণ, অত্যাধুনিক প্ৰযুক্তি, আৰু বিকাশৰ দিশত অসম ৰাজ্যিক পৰিবহন নিগমৰ দায়বদ্ধতাক উত্তৰণ ঘটাই এই পদক্ষেপে নিঃসন্দেহে ৰাজ্যখনৰ বাবে এক উজ্জ্বল ভৱিষ্যত সৃষ্টিত অৰিহণা যোগাব। বিশেষজ্ঞৰ নিৰ্দেশনা আৰু নিখুঁট সেৱাৰ আশ্বাস, ধাৰাবাহিক বাহন পৰীক্ষাৰ বাবে 95% আপটাইম বজাই ৰখাৰ প্ৰতিশ্ৰুতিৰ সৈতে, গ্ৰাহক আৰু অংশীদাৰসকলৰ বাবে এই প্ৰকল্পই এক উৎকৃষ্ট অভিজ্ঞতাৰ নিশ্চয়তা দিব।