স্বপ্নাতুৰ নিশাৰ স’তে কথোপকথন
পুলিন ডেকা
এটা স্বপ্নাতুৰ নিশাৰ স’তে কথোপকথন
আচলত তিৰবিৰাই থকা জোনাকী পোহৰৰ ছাঁত
লুকাই ৰাখিছো এমুঠি সপ্তর্ষি সুবাস
জন্ম কাহিনী সুধি বিব্রত কৰা বতাহ জাকত
টোপে টোপে সৰিছে এলান্ধু বৰ্ণৰ শিহৰণ
পিতৃ পৰিচয় সোধাৰ দিনাৰে পৰা কিনো হ’ল
এন্ধাৰ ভালপাওঁ, বোকোচাত তুলি দিওঁ
মাৰ সেউজ চাৱনিৰ কিছু অনুভৱ
যোগ-বিয়োগ, পূৰ্ণ-হৰণ সকলোবোৰে কৰিলোঁ
কিন্তু বিভাজ্য কৰিব পৰা পৰিচয়হীনতাৰ
যোগসূত্ৰত দুলি থকা সমীকৰণ
এন্ধাৰ কিয় ভালপাওঁ?
যি এন্ধাৰ লৈয়ে পৃথিৱীক আপোন কৰি শৈশৱ গঢ়িছো
বিচ্ছিন্ন সোঁতত তাক তিয়াব পৰা নাই
আলফুলীয়া হাতত অনন্ত শয্যাৰ দৰে শুই থাকে
তমসা বিন্দু, নিৰন্তৰ অভিলাষী বাসনাৰ কিছু অনুৰাগ
স্বপ্নাতুৰ নিশাৰ বাক্যালাপত সকলোৰে চকুত
তলমলাই আছিল এন্ধাৰ ভালপোৱা কিছু গানৰ কলি
প্ৰতিজনেই এন্ধাৰ ভালপায়, সৃষ্টিৰ আদিম পুৱাক জগাবলে
প্ৰতিজনেই এন্ধাৰৰ গোপনীয়তাৰ যেন এক ধাৱমান সূত্ৰ
পোহৰৰ প্ৰতিপলত সিঁচি যায় অদম্য লিপ্সাৰ
একো একোটা তমসা ঘাট
পলসত ৰৈ যোৱা এটা আদিম স্মৃতি
ক’ত স্বপ্নাতুৰ সন্ধ্যাৰ স’তে কথা পাতিছো
উদ্যানৰ আঁৰ-বেৰত উত্তপ্ত কৰিছোঁ
এন্ধাৰৰ সেউজ দুবৰি
এন্ধাৰ কিয় ভালপাওঁ— একেই প্রশ্ন
সেই স্বপ্নাতুৰ নিশাৰ গভীৰতাত।