স্পর্শৰ অনুভৱ – দুলুমণি দেৱী

PC - iStock
স্পর্শৰ অনুভৱ
দুলুমণি দেৱী, মাকুম
শুকুলা ডাৱৰ ভেদি
নামি অহা দোপালপিতা
বৰষুণ জাকৰ মাদলৰ
 ছেৱে ছেৱে প্রাণঢালি নাচে
নীলা চৰাইজাকে
মধুৰ ছন্দত গছলতিকাও
 হালে জালে
কণ কণ গজালিবোৰে পানী
 পাই মাৰিছে হাঁহি
শিপাই শিপাই
অনুভৱৰ সুগন্ধি
অনুভৱবোৰ ভাহি আহে
সৃষ্টিৰ উন্মাদনাত
মায়াময়
আৱেষ্টনীত স্পর্শৰ অনুভৱ