সোণালী পথাৰ – ছেলিমা বেগম

সোণালী পথাৰ
ছেলিমা বেগম 
নগাঁও 
আঘোণ মাহৰ        সোণালী পথাৰ
দেখিলে যে চকু ৰোৱা,
  চৌদিশে কেৱল       সোণ গুটি ধান
পিতাৰ  মুখলৈ চোৱা।
পিতাৰ সোণালী       পথাৰ শস্য’ৰে
 উপচি পৰিছে আজি,
আনন্দে নধৰে         হিয়া কি যে দৃশ্য
দাৱনী ওলাই সাজি।
 পথাৰত   হাঁহি         আছে সোণ গুটি
পিতাৰ হাতত কাঁচি,
বছৰৰ খাদ্য             বিচাৰি আনিব
থব ভঁৰালত সাঁচি ।
সোণালী পথাৰ     শস্য’ৰে হে  ভৰ্তি
 নানা ৰঙেৰে সজ্জিত,
সোণালী গীত যে      গাইছে পক্ষীয়ে
 ধৰণী হৈছে লজ্জিত।