সোণসেৰীয়া চহৰখন – ৰশ্মি ৰেখা দুৱৰা

Pc- freepik

সোণসেৰীয়া চহৰখন

 ৰশ্মি ৰেখা দুৱৰা

সোণাৰুৰ হালধীয়াৰ আৱেষ্টনীত
চহৰৰ দুয়োকাষ দীপ-লিপ
পুৱাৰ পৰা ৰাতিলৈ ব্যস্ত চহৰখনেও
কথা পাতে সোণাৰুৰ স’তে,
ব্যস্ততাৰ আৱৰণ খুলি সোণাৰুক কয়
দিনটোৰ সুখ-দুখৰ অন্তহীন কাহিনী।
দুয়োকাষে উজ্জ্বলি থকা সোণসেৰীয়া
চহৰখনেও কঢ়িয়াই লৈ ফুৰে অবুজ বেদনা,
কত জীৱন সংগ্ৰামৰ হৰ্ষ-বিষাদৰ
বিশাল জীয়া কাহিনী।
পালতৰা নাঁৱৰে গতি কৰি
সোণাৰুৰ স’তেই হাঁহি হাঁহি জয়ী হয়,
হাঁহিৰে ভৰা মুখখনিয়ো পলকতে
অচিন পক্ষী হৈ হেৰাই যায় ব্যস্ত চহৰখনতেই।
আলংকাৰিকেৰে ভৰা ব্যস্ততাৰ চহৰখনো
কেতিয়াবা নিৰ্জনতাই বেৰি ধৰে
সোণাৰুৰে জিকমিকাই থকা চহৰখনেও
নীৰৱে চকুলো টুকে মৌন ভাষাৰে।