সেৱক-নিতিষ্মান দাস

PC-Pixabay

সেৱক

দেশত হেৰাই গৈ আছে সেৱকৰ মূল্য,

সেৱকৰ অবিহনে দেশ হয় শূন্য।।

সেৱকৰ নাই কোনো সুখ বা দুখ,

সেৱক হব পাৰে মহিলা বা পুৰুষ।

প্রণাম সেইজনক যিয়েই হৰে আমাৰ ভোক,

এই জনক সকলোৱে মাতে কৃষক।

প্রণাম সেইজনক যি কৰে দেশৰ বাবে কঠোৰ পৰিশ্ৰম দৈনিক,

সেইজন হৈছে আমাৰ দেশৰ মহান সৈনিক।

প্রণাম সেইজনক যি নিজৰ নকৰি আনৰ ঘৰ কৰে সৃষ্টি,

এইজনক সকলোৱে মাতে ৰাজমিস্ত্ৰী।

প্রণাম সেইজনক যিজনে দিনে ৰাতিয়ে ধৰে অপৰাধী,

 এইজনে হৈছে দেশৰ জাগ্ৰত আৰক্ষী।

প্রণাম সেইজনক যিজন হয় সকলোৰে ৰোগৰ ৰোধক,

এইজনেই সকলোৰে বাবে ভগৱন্ত স্বৰূপ চিকিৎসক।

প্রণাম সেইজনক যিজন হয় সকলোৰে ভৱিষ্যৰ পৰিকল্পক,

সেইজনেই সকলোৰে শ্ৰদ্ধাৰ শিক্ষক৷

প্ৰণাম সেইজনক যাৰ অবিহনে অন্ধকাৰ হয় ধৰিত্ৰী,

সেইজনে সকলোৰে মৰমৰ পিতৃ।

আন্তৰিক প্ৰণাম সেইগৰাকীক যি মছে আমাৰ নয়ন-ধাৰা,

এৱেই হৈছে আমাৰ জন্মধাত্রী মা।

-নিতিষ্মান দাস

সপ্তম শ্রেণী