“সুৰতীৰ্থ”ৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

“সুৰতীৰ্থ”ৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ মহানগৰীৰ শিল্পী, কলা-কুশলীসকলৰ অন্যতম অনুষ্ঠান “সুৰতীৰ্থ” ৰ ৪৮ সংখ্যক প্ৰতিষ্ঠা দিৱস “বিষ্ণু নিৰ্মলা ভৱন” ত কালি সন্ধিয়া ৬:৩০ বজাৰ পৰা আড়ম্বৰপূৰ্ণ পৰিবেশৰ মাজত অনুষ্ঠিত হয় । সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানটোৰ আদৰণি সম্ভাষণ জনায় সুৰতীৰ্থৰ সভাপতি চিন্ময় চৌধুৰীয়ে । সুৰকাৰ অৱনী ৰঞ্জন পাঠকে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট লোক সংগীত শিল্পী ক্ৰমে ধনদা পাঠক (গুৱাহাটী) আৰু ধৰণী বণিক্য (অভয়াপুৰী, বঙাইগাঁৱ)ক ফুলাম গামোচা, ফুলৰ থোপা, মানপত্ৰ, শৰাই আদিৰে উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে । প্ৰতুল গোস্বামীয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট কন্ঠশিল্পী পুলক বেনাৰ্জী, বাদ্যশিল্পী পৰেশ কাকতি প্ৰভৃতিয়ে বক্তব্য দাঙি ধৰে । ইয়াৰ পিচতে সংগীতা দাস ৰয়ৰ গুৰু বন্দনাৰে অনুষ্ঠিত বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত কণিকা ভট্টাচাৰ্য, হেমন্ত নাথ,কবিতা বৰুৱা, বিজুলী গোস্বামী, হীৰেণ শৰ্মা, গীতাঞ্জলি মহন্ত বৰুৱা, বিমল দেৱ মেধি, মৃণাল দাস, সীমান্ত বৰকাকতি, ৰূপাঞ্জলি বৰুৱা, দ্বিপেন ৰয়, বিনা হাজৰিকা, কুঞ্জ ৰয়, দিব্যজ্যোতি কাকতি, দ্বীপম বৰুৱা, মৃদুলা দাস আদিয়ে গীত পৰিৱেশন কৰি অনুষ্ঠানটি মোহান্বিত কৰি তোলে । অনুষ্ঠানত ৰমেন বৰুৱা, ডিজেন কাকতি আদি বিশিষ্ট শিল্পীসকল উপস্থিত আছিল ।