বৰষুণ ভৰা এটি পুৱাৰ কথা-মুন শৰ্মা

Pc Sciencing
বৰষুণ ভৰা এটি পুৱাৰ কথা
এহ, বৰ বেয়া কথা হ’ল অ “
   বতৰটোৰ গাত কি যে লাগিল পাই। বৰষুণ এৰাৰ দেখোন নামেই লোৱা নাই।
    ঘৰত নাই এমুঠি চাউল, মাৰ নাই বেমাৰৰ দৰব সিফালে ভন্টি জনিৰএই সপ্তাহতে হ’ব স্নাতকৰ শেষ চেমিষ্টাৰৰ ফ্ৰম ফিলাপ। বৰষুণ বুলিয়েই বন্ধ ৰাখিছে ঠিকাদাৰে কাম।  হাতত নাই এটা ও টকা কি কৰো একো ভাবি পোৱা নাই ভগৱান। অলপ সহায় কৰক।
      উপায়ন্ত ৰাজীৱ শইকীয়াই  বৰষুণ জাক এৰালৈ বাট চাই ঘৰৰ বেলকণিতে বহি মনৰ ভিতৰতে কথা খিনি ভাবি আছে। কাৰণ সি জানে বাপেকৰ ঢুকুৱাৰ পাছত আজি চাৰি বছৰে ঘৰৰ দায়িত্ব বোৰ তাৰ ওপৰতে পৰি আহিছে।  সি কিবা এটা যে নকৰিলে  সিহঁতৰ ঘৰত যে  নজ্বলে চৌকাৰ জুই, নাপায় খাবলৈ এমুঠি অন্ন আৰু পূৰণ নহয় সিহঁতৰ দৈনন্দিন প্ৰয়োজন। সেয়ে কেতিয়াবা পকা মিষ্টিৰ লগত কাম কেতিয়াবা টেন্ত হাউচৰ  কৰ্মী কেতিয়াবা কাৰোবাৰ ঘৰত বিভিন্ন কৰ্ম কৰা ৰাজীৱ শইকীয়া। যোৱা দহ দিন মান ঠিকা ভিত্তিক  পুখুৰী খন্দা কাম এটা জব কাৰ্ড দ্বাৰা কৰি আছিল। সেয়া আজি আজি এসপ্তাহ হ’ল  কৰিব পৰা নাই। সেয়ে তাৰ অলপ টান হৈ পৰিছে চলিবলৈ ,,যি  দুটামান পইচা ঠিকাদাৰৰ পৰা পাবলৈ আছিল সেয়াও আনিব পৰা অৱস্থাত নাই।  কিয়নো ঠিকাদাৰ গ’ল গুৱাহাটী লৈ বুলি কিবা অফিচৰ কামত বোলে।
      সেয়ে আজি বৰষুণ জাক শেষ হোৱাৰ অপেক্ষাত থাকি থাকি আমনি লাগি অলপ খং উঠাৰ দৰে হৈ পৰিছে  এটা সময়ত অঞ্চলটোৰ চোকা ছাত্ৰ, সাংস্কৃতিক কৰ্মী, গাঁওৰ  সকলো ৰাজহুৱা অনুষ্ঠানৰ লগত জড়িত থকা উচ্চ শিক্ষিত ৰাজীৱ শইকীয়া।
       সি ভবা নাছিল ভৱিষ্যতে তাৰ এনে কিছুমান দিনৰ মাজেৰে জীৱন অতিবাহিত কৰিব লাগিব বুলি। যদিও আৰ্থিক অৱস্থা স্বচ্ছল নাছিল তথাপি একে বাৰে যে বেয়া অৱস্থা  সেয়া কোনো কাৰণতে ক’ব নোৱাৰি। শিক্ষাৰ প্ৰতি আগ্ৰহী মাক দেউতাকৰ অনুপ্ৰেৰণাত পৰি সি বেছ সুন্দৰকৈ সজাই ছিল তাৰ ভৱিষ্যত জীৱনৰ বাবে  দৰকাৰ কৰ্ম সংস্তাপন হব পৰাকৈ  তাৰ যোগ্যতা খিনি। কি নাছিল তাৰ!শিক্ষা, চৰিত্ৰ, জ্ঞান, সকলোৰে আছিল  তাৰ সাৰথি হৈ। সেয়ে সময় লৈ অপেক্ষা কৰিছিল ।
     এদিন কলেজ  জীৱন অন্ত পৰাৰ লগে লগে আৰম্ভ কৰিছিল সেই যাত্ৰা  জাক পাবলৈ অতিদিন কৰি আছিল অশেষ কষ্ট। সুদীৰ্ঘ পাঁচ বছৰ যাত্ৰা আছিল এই যাত্ৰা কিন্তু ভবাৰ দৰে হোৱাৰ নাছিল  ঘুৰা নাছিল তাৰ ভাগ্যৰ চাকৰি। বাৰে বাৰে  ব্যৰ্থ হৈছিল তাত বাবেই এটা সময়ত হতাশ চিকাৰ হৈছিল তথাপি ক্ষীণ আশাৰে আশাবাদী হৈ আছিল।
     এই পাঁচ বছৰত  সি যিমান বাৰ  অতদিন লক্ষ্য লৈ অগ্ৰসৰ হৈছিল প্ৰতি বাৰেই এইনে নহয় যে সি একো কৰিব পৰা নাছিল। প্ৰতি বাৰেই যোগ্য হৈ আহিছিল কিন্তু বাটত দিয়া কিছুমান বাধাই বাৰে বাৰে আঁতৰাই আনিছিল তাক তাৰ লক্ষ্যত উপনীত হোৱাৰ সুযোগ। সিফালে এই  পাঁচ বছৰৰে  মাজৰ এটা বছৰত ঢুকাইছিল  তাৰ দেউতাক। ফলত তাৰ দায়িত্ব আহি পৰিছিল ঘৰৰ উপৰত।
        দেউতাক গুচি যোৱাৰ পাছতে ললে নতুন মূৰ তাৰ তেতিয়া চলি থকা সময় বোৰে । দুই নাওঁ ত দুই ভৰি পৰাৰ দৰে অৱস্থা তেতিয়া। এফালে ঘৰৰ দায়িত্ব আন ফালে তাৰ সপোন দিথক ৰ বাবে কৰি থকা সংগ্ৰাম। তাক সময়ে বাধ্য কৰিব বিচাৰিলে তেতিয়া যে সি দুটা নহয় যিকোনো এটা পথ বাচি লব লাগিব। তাই তাৰ সপোন দিথক নোহোৱা পৰ্যন্ত লাগি থাকক নাই ঘৰৰ দায়িত্ব লওক।
      এদিন বাধ্য হৈ সি লৈ পেলালে সিদ্ধান্ত আৰু আঁতৰাই দিলে তাৰ সপোন কথা বোৰ মনৰ পৰা। কাৰণ সি বুজি উঠিছিল ঘৰখন মাক জনী আৰু ভনীয়েক অৱস্থা।
          আৰু সেই দিনাই কৈ  নিশা বিচনাত যেতিয়া   বহু নিশা টোপনি অহা নাছিল তেতিয়াই সি ভাবিছিল ভুল কত মোৰ।মই টো সকলো ঠিকেই দেখিছোঁ। তাৰ পাছতে ফেঁকুৰি উঠা  মনক সান্তনা দি কৈছিল হব দে অ”  ভবা কথা নহয় সিদ্ধি বাটত আছে কণাৰ বিধি। ভাগ্যৰ লিখন  কৰিবি কি! অকল ময়েই নহয়। আৰু বহুত আছে মোৰ দৰে  দুৰ্ভগীয়া। কেতিয়াবা কষ্ট বোৰ অথলে যায়, শিক্ষা জীৱনত লাভ কৰা কাগজবোৰৰ মূল্য হেৰাই আৰু যোগ্যতা থকাৰ পাছতো গাত পৰে উচ্চ শিক্ষিত  নিবনুৱাৰ মোহৰ।
           মুন শৰ্মা,লখিমপুৰ