সুভাষ শৰ্মাৰ সোঁৱৰণত – অঞ্জু শাণ্ডিল্য

সুভাষ শৰ্মাৰ সোঁৱৰণত

অঞ্জু শাণ্ডিল্য

পশ্চিম যোৰহাটৰ শ্ৰীশ্ৰী ঢাপকটা বৰসত্ৰ অঞ্চলৰ বিভিন্নজনে অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ।সেইসকলৰ কথা মাজে -সময়ে সঙ্বাদপত্ৰত লিখিছো ।প্ৰয়াত তৰুণ শৰ্মাৰ কণিষ্ঠ পুত্ৰ সোণামনিৰ বিয়াত সুভাষ শৰ্মাই কৈছিল, কণখুৰা, পাকুন, বাবুলহতৰ কথা যে তুমি লিখি থাকা,কেতিয়াবা মোৰ কথাও লিখিবাচোন।সুভাষে ধেমালিৰ সুৰত কোৱা কথাষাৰৰ উত্তৰত কৈছিলো,অ ,লিখিম বাৰু।আৰু আজি সুভাষৰ আদ্য শ্ৰাদ্ধ! বিশ্বাসেই হোৱা নাই,সুভাষ যে নাই!তেওঁৰ কথা লিখিম বুলি কথা দিছিলো যদিও ভবা নাছিলো আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি লিখিম !সৰুতে পিতৃহাৰা হোৱা সুভাষে অকালতে ভাতৃকো হেৰুৱাইছিল।তিনিমাহমান আগতে মাতৃকো হেৰুৱালে।আৰু জ্বৰ-কাহৰ অসুখতে ৫জানুৱাৰীৰ পুৱা ৭বাজি১৫মিনিটত সুভাষ পিতৃ-মাতৃ-ভাতৃৰ কাষলৈ গুচি গ’ল।পত্নী ৰঞ্জু কণ্যা টিনা অকলশৰীয়া হৈ পৰিল।আজি ভোগালী বিহুৰ বতৰত সুভাষৰ কথা বৰ মনত পৰিছে ।বিহুৰ দিনা ওচৰ-চুবুৰীয়াৰ ঘৰলৈ গৈ মাত এষাৰ দিয়া সুভাষ নাই!আমি গুৱাহাটীৰ ঘৰত আছো যদিও ঢাপকটাত থকা দিনবোৰৰ কথা মনত পৰিছে ।মাঘবিহৰ উৰুকাৰ নিশা সুভাষে ৰিঙ্কু,বুবুল,লাতু,উৎপলহতক লগত লৈ কাৰোবাৰ ঘৰৰ নঙলা-জপনা খুলি ,আন কাৰোবাৰ ঘৰৰ পদুলিত লগোৱা,আকৌ কোনোবা ঘৰৰ পুখুৰীৰ দলঙৰ খুটা উভালি থোৱা, ছাগলী -হাহ-পাৰৰ গৰালৰ দুৱাৰ খুলি থৈ অহা আদি ৰঙ-ধেমালিৰ কামবোৰ কৰিছিল ।আমাৰ ঘৰলৈ সঘনাই আহ-যাহ কৰা সুভাষে বিহুত নতুন বছৰত মাত এষাৰ দিবলৈ আহেই।অঞ্চলটোৰ ৰাজহুৱা কামকাজত সহযোগিতা কৰিছিল ।ঢাপকটা ললিত কলা মন্দিৰ, ঢাপকটা শ্ৰীশ্ৰী মহা বিষ্ণু যঙ্গমন্দিৰৰ উন্নয়নত সহায়ৰ হাত আগবঢ়াইছিল ।বিশেষকৈ যঙ্গমন্দিৰৰ নিৰ্মাণৰ কামত দেহে -কেহে খাটিছিল।২০১৮চনৰপৰা মন্দিৰৰ সম্পাদক ৰূপে কাম কৰিছিল ।এই দুয়োভাগ অনুষ্ঠানেই সুভাষৰ কথা সোৱৰাই থাকিব।সুভাষ তুমি য’তেই শান্তিত থাকা।তোমাৰ আত্মাই চিৰশান্তি লাভ কৰক ।ৰুনুবা,ৰঞ্জু, টিনালৈ সমবেদনা জনাইছো ।