সুখ আৰু দুখ মাথোঁ এক আমৰ চিন্তাধাৰাৰ সংযোগ – চন্দ্ৰ শেখৰ পৰাজুলী

 সুখ আৰু দুখ মাথোঁ এক আমৰ চিন্তাধাৰাৰ সংযোগ

চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

আমি জীৱনত কেতিয়াবা বৰ সুখী অনুভৱ কৰোঁ। নাইবা হয়তো কেতিয়াবা বৰ দুখী অনুভৱ কৰো । যেতিয়া অত্যধিক পৰিশ্ৰমৰ অন্ততঃ মনে বিচৰা ধৰনৰ ফলাফল লাভ নকৰিলে আমি অতি সহজতে মনোবল ভাঙি পেলাওঁ। কেতিয়াবা আকৌ অকস্মাতে আমি কল্পনা কৰিব নোৱাৰা কিছুমান ঘটনা আমাৰ জীৱনত সংগঠিত হোৱা পৰিলক্ষিত হয়। এনেবোৰ ক্ষেত্ৰত আমি প্ৰায়বোৰ মানুহে সচৰাচৰ মানসিক ভাবে ভাঙি পৰিবলৈ বাধ্য হওঁ, নহয়নে ? আনহাতে আমি কেতিয়াবা নিজৰ উন্নতি, প্ৰগতি বা কিবা প্ৰাপ্তিৰ বাবে মনে মনে বহু সুখী বা গৰ্ব অনুভৱ কৰোঁ। কিন্তু কেতিয়াবা আমি  ইয়াক গভীৰভাৱে বিশ্লেষণ কৰি চালে গম পাম যে,সুখ আৰু দুখ মাথোঁ এক আমৰ চিন্তাধাৰাৰ সংযোগ। কাৰণ সুখ আৰু দুখ এই দুয়োটা বস্তুয়ে আমাৰ জীৱনত কেতিয়াও চিৰস্থায়ী নহয়। আজি কিবা এটা কথা বা বিষয়ক লৈ আমি দুখী অনুভৱ কৰিলেও তাৰে ঠিক কিছুদিন বাগৰি যোৱাৰ পিছত লাহে লাহেকৈ হ’লেও বিভিন্ন মাধ্যমৰ জৰিয়তে আমাক সুখৰ অনুভূতি হ’বলৈ ধৰে। এইয়াই চিৰসত্য আৰু  এইবোৰে আমাৰ প্ৰকৃতিৰ নিয়ম। এই কথাবোৰ কেবল মাত্ৰ ময়ে নহয় আমি প্ৰয়বোৰ মানুহে উপলব্ধি কৰিবলৈ সক্ষম হৈছোঁ। কিন্তু সময়ৰ গতিত আমি জীৱন নামৰ এই মৰণশীল সংসাৰত এনেকৈ সোমাই পৰো যে, প্ৰকৃতিৰ চিৰসত্য আৰু অপৰিবৰ্তশীল কথাবোৰকো আমি এক মিথ্যা দৰে অনুভৱ কৰিবলৈ বাধ্য হওঁ। ইয়াৰ একমাত্ৰ কাৰণ হ’ল আমি দিন প্ৰতিদিনে জীৱনত কেবল আহৰণ,আয়ত্ব, সংগ্ৰহ বা প্ৰাপ্তিৰ প্ৰতি সদায় মনত অত্যধিক ৰূপত লোভ বা লালসা উৎপন্ন কৰি থাকো। অবশ্য এক কথাত কবলৈ গলে আশাতে বন্দী হৈ আছে আমাৰ জীৱন। কিন্তু আমাৰ ব্যক্তিগত জীৱনত ঈশ্বৰে সকলো বস্তুৰে এক সীমা বান্ধি দিয়া থাকে। আমি প্ৰায়বোৰ মানুহে কেবল আমাৰ জীৱনত লাগে লাগে কৰি মৃত্যু  বৰণ কৰো। যিদৰে আমি আমি কিবা এটা প্ৰাপ্তিৰ পিছত দৌৰি ফুৰিছো এসময়ত গৈ গৈ আমাৰ জীৱনতে সেইসমূহ বস্তুৰে কোনো এক মুল্য নাথাকিব। গতিকে জীৱনত লাগে লাগে কৰি দৌৰি ফুৰাৰ লগে লগে অন্তৰৰ এচুকত লাহে লাহেকৈ ত্যাগৰ ভাবনাৰো উদ্ভাৱন কৰাৰ চেষ্টা কৰক। আপুনি সচাকৈ যদি নিজৰ মনতে ত্যাগৰ ভাবনাবোৰ উদ্ভাৱন কৰিবলৈ সক্ষম হৈছে তেন্তে আপুনি নিশ্চিত থাকক অন্যান্য লোকসকলতকৈ আপুনি প্ৰথমে আৰু অতি সোনকালেই উপলব্ধি কৰিবলৈ সক্ষম হ’ব  সুখ আৰু দুখ মাথোঁ এক আমৰ চিন্তাধাৰাৰ সংযোগ । এই শিক্ষা আহৰণ বাবে টকা,ধন, সম্পত্তিৰ নহয় আত্ম সন্তুষ্টি আৰু আত্ম উপলব্ধিৰ দৰকাৰ হ’ব। আজি আমি সুখৰ পিঠিত বাগৰি পৰিছো। অহা দিনবোৰত হয়তো দুখৰ কান্ধত উঠিবলৈ বাধ্য হ’ম। এইয়াই জীৱন ,ঠিকনাবোৰ সকলোৰে একেই তথাপিও প্ৰতিজনে ঠিকনা বিচাৰাতে ব্যস্ত।