সুখ – আয়নাল হক

Pc MII Publication
সুখ
আয়নাল হক , ধুবুৰী 
সুখ–
তোক বিচাৰোঁতেই
কতজনে পায় দুখৰ পিছত দুখ !
নিজৰ স্বাৰ্থৰ পিছত
ঘূৰি ফুৰাজনে
কোনোবাদিনা দেখিবনে সুখৰ মুখ ?
সৰু সৰু সুখৰ উৎসবোৰ
যিজনে নাপায় বিচাৰি
তেওঁ সদায় হয় সুখৰ বিমুখ।
সুখ–
তোৰ সন্ধানতেই
পাৰ হয় কিমানৰ বিনিদ্ৰ ৰজনী !
ধন-সম্পদৰ পাহাৰ ঘটিও
মনৰ সন্তুষ্টিৰ অবিহনে
কোনেও সুখ নাপায় বিচাৰি।
ত্যাগৰ বিনিময়তো যে
সুখ বিচাৰি পাব পাৰি
সেইকথা যায় পাহৰি।
জীৱনটো কেৱল নিজৰ বুলি ভবাজনে
সুখৰ সন্ধানত দুপাখি মেলি থাকিলেও
সুখ নোৱাৰে আনিব বুটলি
মাথোঁ দুখৰ সৰোবৰত
সাঁতুৰি থাকিব
কাষতে থকা সুখ নাপায় বিচাৰি…।