সুখী জীৱন সাধনাৰ মন্ত্ৰ – চন্দ্ৰ শেখৰ পৰাজুলী

PC- Depositphotos

সুখী জীৱন সাধনাৰ মন্ত্ৰ

                 চন্দ্ৰ শেখৰ পৰাজুলী, বিশ্বনাথ চাৰিআলি

মন্ত্ৰ মানে হ’ল পূজা-উপাসনাৰ জৰিয়তে দেৱী-দেৱতাক সন্তোষ কৰাৰ অৰ্থে উচ্চাৰণ কৰা স্তুতি বা বচন । এতিয়া কথা হ’ল সুখী জীৱন সাধনাৰ মন্ত্ৰ আমাৰ মাজত বা আমাৰ আধ্যাত্মিক গ্ৰন্থবোৰত বিদ্যামান আছে নেকি ?। এইটো বৰ্তমান সময়ত একেবাৰে লাখটকীয়া প্ৰশ্ন। তাৰ উত্তৰ পাবলৈ হয়তো বহুতেই অতি আগ্ৰহেৰে মোৰ লিখনি ভাগ পঢ়িবলৈ আৰম্ভ কৰিছে নহয়নে?। সেয়েহে প্ৰথমে মই আপোলোকক অবগত কৰাই দিওঁ যে,মই কোনো পুৰোহিত,মৌলানা,ফাদাৰ,বাবা,বা ধৰ্ম প্ৰচাৰক নহয় । সঁচা অৰ্থত কবলৈ গলে মই কোনো ধৰ্মৰে বিদগ্ধ পণ্ডিতো নহয়। মই আপোনালোকৰ দৰে এনে সাধাৰণ মানুহ । লগতে মই প্ৰতিটো ধৰ্মকে সমমর্যাদা প্ৰদান কৰো। গতিকে সুখী জীৱন সাধনাৰ মন্ত্ৰ মই মোৰ জীৱন অভিজ্ঞতাৰ পৰাহে প্ৰদান কৰিব পাৰোঁ।চাওঁক মোৰ অতি কম বয়সীয়া জীৱন অভিজ্ঞতাৰ পৰা বেছি ডাঙৰ ডাঙৰ ক্কথা কোৱাটো একেবাৰে যুক্তিসন্মত নহয়। তথাপিও সামান্যতম অভিজ্ঞতাৰ জৰিয়তে কৈছোঁ যে, আমি‌ বৰ্তমান সময়ত জীৱন-দৰ্শন, প্ৰকৃতিৰ সান্নিধ্যৰ পৰা আঁতৰি আহি  ভোগবাদী, বস্তুবাদী ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছোঁ। সেয়েহে প্ৰায় প্ৰতিজন মানুহৰ মানসিকতা হৈ পৰিছে স্বাৰ্থপৰ, আত্মকেন্দ্ৰিক ৷ ফলত স্বাভাৱিকভাৱেই মানুহৰ সততা, নৈতিকতা, সৰলতা হ্ৰাস পাইছে৷ ইয়াৰ লগে লগে আমাৰ সমাজত দিনক দিনে অশান্তি, বিশৃংখলতা, আৰু হিংসাত্মক কাৰ্যকলাপ বাঢ়িবলৈ ধৰিছে। আমাৰ বাহ্যিক জগতৰ কৃত্ৰিম বস্তুবোৰ  উপভোগ কৰাৰ মনসাৰে আমি আন্তৰিকভাবে সুখী থকাৰ সাধনাবোৰ পাহৰিবলৈ আৰম্ভ কৰিছোঁ। ইয়াতে মই এইটো কৰলৈ একেবাৰে বিচৰা নাই যে , আপুনি সকলোবোৰ বাহ্যিক জগতৰ বস্তুবোৰ পৰিহাৰ কৰি  সৈন্যাস ধৰ্ম গ্ৰহণ কৰক। মই কোৱাৰ প্ৰকৃত তাৎপৰ্য এইয়াই যে,নিজৰ প্ৰয়োজন সাপেক্ষেহে ভোগবাদী বস্তুবোৰ ওপৰত আত্মনিয়োগ কৰক। অৰ্থাৎ ভোগবাদৰ জৰিয়তে আয়ত্ত কৰা মানসিক সুখবোৰ সন্তেক সময়ৰ বাবেহে বিদ্যামান হৈ থাকে। যেনে আপুনি ধৰক এখন গাড়ী ক্ৰয় কৰিলে। চাওঁক এতিয়া আপুনি সেই গাড়ী ক্ৰয় কৰাৰ আগত আৰু গাড়ী ক্ৰয় কৰাৰ কিছুদিনলৈ আপুনি সামান্য পৰিমাণে মানসিকভাবে সুখী অনুভৱ কৰি থাকিব। কিন্তু সময়ত সূতত আপোনাৰ মানসিক বাসনা সমূহ পৰিবৰ্তন হ’বলৈ ধৰাটো একেবাৰে স্বাভাৱিক  নহয়নে?। সেয়েহে আপুনি যদি  সৰ্বকালিন সুখী  জীৱন সাধনাৰ মন্ত্ৰ আয়ত্ব কৰিবলৈ বিচাৰে তেন্তে নিজক একেবাৰে নুন্যতমভাবে বস্তুবাদী, ভোগবাদী বস্তুবোৰৰ ওপৰত আত্মনিয়োগ কৰক । লগতে নিজৰ জোখতকৈ অধিক পোৱা বা আয়ত্ত কৰাৰ আশাবোৰো আমাৰ মানসিক অশান্তি সৃষ্টিৰ অন্যতম কাৰণ। গতিকে নিজৰ জোখতকৈ অত্যাধিক পোৱাৰ হেঁপাহ আৰু অত্যাধিক ভোগবাদী, বস্তুবাদী মনসাবোৰে সুখী জীৱন ধাৰণাত ব্যাঘাত উৎপন্ন কৰে। মোৰ মতে এই দুয়োটা দিশতে নিজ মনক সংযত কৰিব পাৰায়ে হ’ল সুখী জীৱন সাধনাৰ মন্ত্ৰ । আৰু এই কাৰ্য আয়ত্ত কৰি লোৱাটো বহুত কঠিন যদিও একেবাৰে অসম্ভৱ নহয়।