সীমিত আসনৰ বিপৰীতে ছাত্ৰ-ছাত্ৰী সংখ্যা অত্যাধিক
অনলাইন বাৰ্ত্তাসেৱা– ইতিহাস সৃষ্টি কৰি এই দুয়োটা পৰীক্ষাত উত্তীৰ্ণ হʼল ৯৩ শতাংশৰো অধিক পৰীক্ষাৰ্থী। ফলাফলক লৈ দেখিবলৈ পোৱা গৈছে মিশ্ৰিত প্ৰতিক্ৰয়া। কোনো যদি সন্তুষ্ট, আন কোনো আকৌ পৰীক্ষাত বহাৰ বাবে আগ্ৰহী । হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাত মুঠ উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে ৪,০৮,৫৭০ গৰাকী। ইয়াৰে ৩,৯৭,১৩২ গৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ আৰু ১১,৪৩৮ গৰাকী হাইমাদ্ৰাছাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰী।এইবাৰৰ পৰীক্ষাৰ্থীৰ সংখ্যা আছিল ৪,২৬,৫৫৩ গৰাকী আৰু হাইমাদ্ৰাছৰ পৰীক্ষাৰ্থী আছিল ১২,২৭৫ গৰাকী। মুঠ পৰীক্ষাৰ্থীৰ বিপৰীতে উত্তীৰ্ণৰ সংখ্যাই ৪ লাখৰ অধিক হোৱাত অভিভাৱকৰ মাজত আন এক প্ৰশ্নৰ উদয় হৈছে– নামভৰ্তিৰ কি হʼব? কʼত লাভ কৰিব আসন ?শিক্ষা মন্ত্ৰী ডা০ ৰণোজ পেগু তথা বিভাগেও তাৎক্ষণিকভাৱে অভিভাৱক আৰু ছাত্ৰ- ছাত্ৰীসকল আশ্বস্ত হʼব পৰাকৈ কোনো উত্তৰ দিব পৰা নাই।
(R.T)