চীনত নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে বহুলোক

pc-PAHO

চীনত নতুনকৈ কৰʼনাত সংক্ৰমিত হৈছে বহুলোক 

অনলাইন বাৰ্ত্তাসেৱা- চীনৰ নানজিং চহৰত আৰম্ভ হোৱা কৰʼনাৰ নতুন সংক্ৰমণ বেইজিংসহ পাঁচখন প্ৰদেশলৈ বিয়পি পৰিছে। নানজিং বিমান বন্দৰত প্ৰথমটো সংক্ৰমণ ধৰা পৰাৰ কিছুদিনৰ ভিতৰতে এই পাঁচখন প্ৰদেশৰ ২০০ লোক কৰʼনাত সংক্ৰমিত হৈছে।নানজিং বিমান বন্দৰৰ সকলো বিমান এই সংক্ৰমণৰ বাবে ১১ আগষ্ট পৰ্যন্ত  বাতিল কৰা হৈছে। চীনৰ ৰাজধানী বেইজিং আৰু চেন্দুকে ধৰি অতি কমেও ১৩ খন চহৰলৈ বিয়পি পৰিছে এই সংক্ৰমণ।

(R.T)