সাহিত্যৰ ন’বেল বঁটা বিজয়ী জন ফচি : এটি অৱলোকন – নাছিৰ আহমেদ

PC - Scroll.in
সাহিত্যৰ ন’বেল বঁটা বিজয়ী জন ফচি : এটি অৱলোকন
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
২০২৩ চনৰ সাহিত্যৰ ন’বেল বঁটা লাভ কৰিছে ১৯৫৬ চনত নৰৱেৰ পশ্চিম উপকূলত জন্ম গ্ৰহণ কৰা জন ফচি (Jon Fossy ) বা জন অল্যেভ  ফচি ( Jon olave fossy ) সুদীৰ্ঘ চল্লিশ বছৰ ধৰি জন ফচিয়ে ৰচনা কৰা অসংখ্য উপন্যাস, নাটক, গল্প, কবিতা, প্ৰবন্ধ আৰু শিশু সাহিত্য-সম্ভাৰক উদ্ভাৱন শক্তিৰ সৃষ্টিশীলতা, পুনৰাবৃত্তি, সাংগীতিক মূৰ্চ্ছনা, স্বগতোক্তি আৰু নৱ উন্মেষশালিনী প্ৰতিভাৰ বিকাশ সাধন কৰি অমৰত্ব দান কৰিবলৈ সক্ষম হৈছিল। শ্ৰেষ্ঠ গ্ৰন্থকাৰ জন ফচিক একৈশ শতিকাৰ শ্ৰেষ্ঠ সাহিত্যিক বুলি কোৱা হয়। তেখেতৰ লেখাসমূহ পৃথিৱীৰ পঞ্চাছটি ভাষাত অনুবাদ হৈছে আৰু নাটক পৃথিৱীৰ বিভিন্ন দেশৰ এক হাজাৰ বাৰ প্ৰেক্ষাগৃহত অভিনীত হৈছে।জন ফচিয়ে ২০২৩ চনত সাহিত্য ন’বেল বঁটা লাভ কৰা গ্ৰন্থ হ’ল,” For his innovative plays and prose which give voice to the unsayable “তেওঁৰ ৰচিত উদ্ভাৱনী শক্তি প্ৰদৰ্শন কৰা নাট আৰু গদ্য, যিয়ে অপ্ৰকাশ্য কণ্ঠৰ অনুভৱ দান কৰে।  চুইজাৰলেণ্ডৰ ষ্টকহল্ডৰ চুইজ একাডেমীয়ে বিখ্যাত চিন্তাশীল সাহিত্যিক জন ফচিক দিয়া ন’বেল বঁটাৰ মূল্য চুইজ ক্ৰনৰ ( Swedish kronor,SEK) হিচাবত ১১.১ মিলিয়ন ।জন ফচিয়ে ৰচনা কৰা প্ৰথম উপন্যাসখন, Raudt, Svart (Red, Black) ১৯৮৩ চনত সম্পূৰ্ণ কৰে।কিন্তু ১৯৮১ চনত তেওঁ ৰচনা কৰা Han (He) চুটিগল্প সংকলনটি প্ৰকাশ হোৱাৰ লগে লগেই গোটেই পৃথিৱীত তেওঁৰ সুনাম বিয়পি পৰিছিল।তেওঁৰ ৰচিত গ্ৰন্থৰাজিৰ মাজত এক চিৰন্তন সত্যৰ মূৰ্ত সন্ধান পোৱা যোৱাৰ উপৰিও জীৱন- দৰ্শনৰ গভীৰ চিন্তাৰ প্ৰতিফলন ঘটিছে। বিখ্যাত সাহিত্যিক জন ফচিৰ গ্ৰন্থসমূহ হ’ল, গদ্য ৰচনা Megnum Opus , (Septology ) In 2021, Det andre Nemnet ( 2019 , The other  name 2020) , Eg er ein annam ( 2020, I is another 2020) আৰু Eit Nytt namn ( 2021,One Another name.) সাহিত্যৰ ন’বেল বঁটা বিজয়ী নৰৱেৰ বিখ্যাত চিন্তাশীল সাহিত্যিক জন ফচিৰ গ্ৰন্থসমূহ অধ্যয়ন কৰি পৃথিৱীৰ কোটি কোটি জনসাধাৰণে জ্ঞানৰ ভাণ্ডাৰ পান কৰি অমৃতৰ সন্ধান লাভ কৰে যেন‌ আৰু পৃথিৱী হৈ পৰে যাতে সত্য-শিৱ-সুন্দৰৰ এক মহান প্ৰেমৰ আধাৰ।