সাহিত্যৰথীৰ সাহিত্য বৈঠক-কবি সন্মিলন

 সাহিত্যৰথীৰ সাহিত্য বৈঠক-কবি সন্মিলন

ৰঙিলী বাৰ্ত্তাসেৱা-  সাহিত্যৰথী সাহিত্যসভা, বতাহঘুলি আৰু সেউজী কবি সন্মিলনৰ উদ্যোগত  পাঞ্জাবাৰীস্থিত মেট্ৰোপলিটান ছোৱালী হাইস্কুলত যুটীয়াভাৱে এটি সাহিত্য অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠানটোত সভাপতিত্ব কৰে সাহিত্যৰথীৰ সভাপতি অতুল তামুলী আৰু সঞ্চালনা কৰে সেউজী কবি সন্মিলনৰ সভাপতি মফিজুদ্দিন আহমদে। পৰ্যালোচকৰূপে থিতাতে পঠিত লেখাসমূহৰ পৰ্যালোচনা আগবঢ়াই মাধুৰী ভূঞা কলিতাই । সভাত অতিথি হিচাপে অংশগ্ৰহণ কৰে বিশিষ্ট কবি দেবপ্ৰসাদ তালুকদাৰ আৰু বৃহত্তৰ পাঞ্জাবাৰী সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি বিশিষ্ট গল্পকাৰ ৰুমা বেজবৰুৱাই। সাহিত্যৰথীৰ উপ সভাপতি ড°পাৰুল গোস্বামী আৰু উপদেষ্টা শান্তিৰাম বৰাও উপস্থিত থাকে৷ সভাখনত আহ্বায়িকা অঞ্জনা দাসে  মঞ্চত উপবিষ্ট সকলক আদৰণি জনাই ভাষণ দিয়ে । সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে সাহিত্যৰথীৰ সহকাৰী সম্পাদক আৰু সেউজী কবি সন্মিলনৰ উপদেষ্টা মহেশ্বৰ বৰাই। সেউজী কবি সন্মিলনৰ বিগত সভাৰ কাৰ্যবিৱৰণী পাঠ কৰে সম্পাদিকা স্বপ্নালী নাথে৷মৃদু গোস্বামীৰ এটা বৰগীতৰ পাছত সাহিত্য অনুষ্ঠান আৰম্ভ কৰা হয় কবি দেবপ্ৰসাদ তালুকদাৰৰ কবিতা আৰু কথাৰে ।গল্প ৰুমা ৰাজখোৱা, কবিতা দীপিকা কলিতা, অঞ্জুম আৰা বেগম, অঞ্জনা দাস, মনোমোহন শ‌ইকীয়া, চন্দ্ৰমোহন দাস, গীতু ভাগৱতী পাঠক, প্ৰতিভা নাথ, মেঘালী বৰা, বসন্ত কুমাৰ হাজৰিকা , পলাশমণি দাস, স্বপ্নালী নাথ, সমীজান বেগম, ড° শিখা বেজবৰুৱা গোস্বামী, মাধুৰী ভূঞা কলিতা, মৃদু গোস্বামী আৰু অতুল তামুলীয়ে,নিৱন্ধ বসুন্ধৰা আৰু ড° জাহানাৰা বেগমে পাঠ কৰে । এটা সাধু পঢ়ে নমিতা ৰাজবংশীয়ে ।