সাহিত্যিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবিৰ্ষিকীৰ প্ৰস্তুতি : কৰ্মময় জীৱনাধাৰত প্ৰকাশ পাব গৱেষণাধৰ্মী গ্ৰ

সাহিত্যিক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবিৰ্ষিকীৰ প্ৰস্তুতি : কৰ্মময় জীৱনাধাৰত প্ৰকাশ পাব গৱেষণাধৰ্মী গ্ৰন্থ

যদুমণি হাজৰিকা, নাজিৰা, ৰঙিলী বাৰ্ত্তাসেৱা- অসম সাহিত্য সভা , সাহিত্য অকাদেমি আৰু ভাৰতী হয় লেখক সংস্থাৰ প্ৰাক্তন সভাপতি, জ্ঞানপীঠ বঁটাপ্ৰাপক ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকী বৰ্ষজোৰা কাৰ্যসূচীৰে উদযাপন কৰিবলৈ ব্যাপক প্ৰস্তুতি কৰা হৈছে । সেই সম্পৰ্কত গঠন কৰা উদযাপন সমিতিৰ সভাপতি যোগ গগৈৰ সভাপতিত্বত মুখ্য সম্পাদক অধ্যাপক জিতেন ফুকনে উদ্দেশ্যে ব্যাখ্যা কৰা এখনি সভাত অধ্যক্ষ ডঃপ্ৰফুল্ল কলিতা , হেম বৰুৱা , দীপালী ভট্টাচাৰ্য বৰুৱা প্ৰমুখ্যে ভালেকেইজনে সাহিত্যিক জনাৰ জন্ম শতবাৰ্ষিকী উদযাপনৰ সম্পৰ্কত পৰামৰ্শ আগবঢ়ায় । অহা ১৪ অক্টোবৰত শিৱসাগৰ মহাবিদ্যালয় ( স্বতন্ত্ৰ ) জয়সাগৰত বৰ্ষজোৰা অনুষ্ঠানৰ উদ্বোধনী অনুষ্ঠান বৰ্ষীয়ান সাহিত্যিক খগেন্দ্ৰ নাথ ভূঞাৰ সভাপতিত্বত অনুষ্ঠিত হ’ব । অধ্যক্ষ ডঃ প্ৰফুল্ল চন্দ্ৰ কলিতাই উদ্বোধন কৰিব লগা মূল সভাত মুখ্য বক্তা হিচাপে অধ্যাপক ডঃ মৃদুল শৰ্মাই অংশগ্ৰহণ কৰিব । আনহাতে ডঃভট্টাচাৰ্যৰ সাহিত্য , কৃৰ্তী তথা জীৱনাদৰ্শক শিৱসাগৰ জিলাখনৰ ছাত্ৰ সমাজৰ মাজলৈ লৈ যোৱাৰ উদ্দেশ্যে মহাবিদ্যালয় সমূহত সাহিত্যিকজনাৰ গল্প , উপন্যাস , গীত , কবিতা , নাটক , প্ৰৱন্ধ , ভাষণাৱলী , সাংবাদিকতা , ৰাজনৈতিক মতাদৰ্শ আদিৰ সম্পৰ্কত আলোচনাচক্ৰ আৰু বিভিন্ন স্তৰৰ ছাত্ৰ – ছাত্ৰীৰ মাজত তেখেতৰ সৃষ্টিৰাজিৰ আধাৰত বিভিন্ন প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ সাহিত্য – কৰ্মৰ সম্পৰ্কত গৱেষণাধৰ্মী গ্ৰন্থ প্ৰকাশৰো প্ৰস্তুতি কৰা হৈছে । ডঃ ভট্টাচাৰ্যৰ ” আমি বহুৱাম জনতাৰ দৰবাৰ ” শীৰ্ষক গীতটো সকলো অনুষ্ঠানত ছাত্ৰ – ছাত্ৰীৰ দ্বাৰা সভাৰ সূচনা গীত হিচাপে পৰিৱেশনৰ ব্যৱস্থা কৰিছে । উল্লেখ্য যে , বৰ্ষজোৰা অনুষ্ঠান সমূহত মুখ্য বক্তাৰ লগতে এজন ছাত্ৰ বা ছাত্ৰীয়ে বক্তব্য প্ৰদান কৰিব । ইফালে কবিতা আবৃত্তিৰ কৰ্মশালা , শিৱসাগৰ জিলাৰ পথ তেওঁৰ নামত উচৰ্গা কৰা , প্ৰতিমূৰ্তি নিৰ্মাণ আৰু ডঃ ভট্টাচাৰ্যৰ জন্ম দিনটো ৰাজ্যিক দিৱস হিচাপে ৰাজ্য চৰকাৰক ঘোষণা কৰিবলৈ উদযাপন সমিতিয়ে প্ৰস্তাৱ গ্ৰহণ কৰি ইতিমধ্যে চৰকাৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিছে । ডঃ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ জন্ম শতবাৰ্ষিকীৰ সমূহ কাৰ্যসূচীতে শিৱসাগৰ জিলা প্ৰশাসন , অনুষ্ঠান – প্ৰতিষ্ঠান , দল – সংগঠন আৰু ৰাইজৰ সহযোগিতাৰ বাবে উদযাপন সমিতিয়ে গোহাৰি জনাইছে ।