সাহিত্যাচাৰ্য মহিম বৰালৈ শ্ৰদ্ধাঞ্জলি – মুন শৰ্মা

সাহিত্যাচাৰ্য মহিম বৰালৈ শ্ৰদ্ধাঞ্জলি
মুন শৰ্মা, লখিমপুৰ
শতবৰ্ষত ভৰি দিয়াৰ  দিশে  কাঠনীবাৰী ঘাটৰ ৰচকৰ জন্ম জয়ন্তী। ১৯২৪চনৰ ৬জুলাইত দৰং জিলাত জন্ম লাভ কৰা, একাধাৰে কবি গল্পকাৰ, নাট্যকাৰ, ঔপন্যাসিক, শিশু সাহিত্যিক,  অনুবাদক, আৰু শিক্ষাবিদ অসম গৌৰৱ,পদ্মশ্ৰী, সাহিত্য অকাডেমি বঁটা লাভ কৰা  বিখ্যাত অসমীয়া সাহিত্যিক জনৰ আন এখন বিখ্যাত পুথি হ’ল “ৰঙা জিঞা”।গজেন নাথ বৰা আৰু চন্দ্ৰকান্তি বৰাৰ সু-যোগ্য  সন্তান তেখেতে  অসমীয়া সাহিত্যক বিশ্বদৰবাৰত তুলি ধৰাৰ বাবে যি চেষ্টা কৰিলে বা অৱদান দিলে তাৰ বাবে তেওঁক কোৱা হয় সাহিত্যাচাৰ্য  বুলি।সহজেই  পাঠকক আকৰ্ষিত কৰিব পৰা ৰচনাৰে  সমৃদ্ধ ,প্ৰায়েই অসমীয়া গাঁৱলীয়া পৰিৱেশৰ চিত্ৰ অংকন কৰা দেখিব পোৱা তেওঁৰ ৰচনা সমূহৰ ভিতৰত   চিন্তা বিচিত্ৰা (প্ৰৱন্ধ) সাহিত্য বিচাৰ (প্ৰবন্ধ) হেৰুৱা দিগন্তৰ মায়া (উপন্যাস) পুতলা ঘৰ (উপন্যাস) দেহা গৰকা প্ৰেম(গল্প পুথি),বহুভূজি ত্ৰিভুজ (গল্প পুথি) ৰাতি ফুলা ফুল( গল্প পুথি) বৰযাত্ৰী(গল্প পুথি)  পদুম কুঁৱৰী(নাটক),নিৰ্মল ভকত(নাটক),গৰখীয়া ভীম (নাটক) বত্রিশ পুতলাৰ সাধু(শিশু সাহিত্য) আদি উল্লেখযোগ্য সৃষ্টি।তাৰে ভিতৰত “ৰাতি ফুলা ফুলৰ” বাবে তেওঁ প্ৰকাশন পৰিষদৰ বঁটা ২০০৮চনত লাভ কৰিছিল, ১৯৯৮চনত “সম্পূৰ্ণ ৰচনাৱলী” বাবে অসম উপত্যকা সাহিত্য বঁটা “এধানি মহীৰ হাঁহি” গল্প সংকলনৰ বাবে  সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল ২০০১ চনত।২০১৬চনৰ ৩আগষ্টত  আমাৰ মাজৰ পৰা আঁতৰি যদিও তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গ’ল তথাপি তেওঁৰ সৃষ্টিৰ জৰিয়তে আমাৰ মাজত সদায় থকা তেখেতক আমি প্ৰতি জন অসমীয়াই   জন্ম তিথিৰ সময়ত  একাঁজলি  শ্ৰদ্ধাঞ্জলি নিবেদন কৰি  স-ভক্তিৰে প্ৰণাম কৰিলোঁ।