সাংবাদিকতাঃ বৰাক-ব্ৰহ্মপুত্ৰৰ সম্প্ৰীতিৰ সেঁতু বন্ধন

সাংবাদিকতাঃ বৰাক-ব্ৰহ্মপুত্ৰৰ সম্প্ৰীতিৰ সেঁতু বন্ধন

ৰঙিলী বাৰ্ত্তাসেৱা- গ্ৰন্থৰ সুবাস-সান্নিধ্যত উমাল হৈছে বৰাক উপত্যকাৰ প্ৰাণকেন্দ্ৰ স্বৰূপ ঐতিহাসিক শিলচৰ চহৰ ৷ অসম গ্ৰন্থমেলা, শিলচৰত প্ৰতিদিনে পুথিপ্ৰেমীৰ ভিৰে নিশ্চিতভাৱে ইয়াকে প্ৰতিপন্ন কৰিছে ৷ গ্ৰন্থমেলালৈ ইয়াৰ বৌদ্ধিক সমাজৰ ইতিবচক সঁহাৰিয়ে উৎসাহিত কৰি তুলিছে লেখক-প্ৰকাশক তথা গ্ৰন্থ বিক্ৰেতাসকলক ৷ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই শিলচৰ পুলিচ পেৰেড গ্ৰাউণ্ডত আয়োজন কৰা দহদিনীয়া অসম গ্ৰন্থমেলাই অষ্টম দিন অতিক্ৰম কৰিলে ৷ নিৰ্ধাৰিত কাৰ্যক্ৰমণিকা অনুসৰি আজি অসম গ্ৰন্থমেলাত অনুষ্ঠিত হয় “সাংবাদিকতাঃ বৰাক-ব্ৰহ্মপুত্ৰৰ সম্প্ৰীতিৰ সেঁতু বন্ধন” শীৰ্ষক সাংবাদিক সন্মিলন ৷ জ্যেষ্ঠ সাংবাদিক চয়ন ভট্টাচাৰ্যই পৰিচালনা কৰা এই অনুষ্ঠানত আলোচক অতিথিৰূপে অংশগ্ৰহণ কৰে নগালেণ্ড বিশ্ববিদ্যালয়ৰ আচাৰ্য, বিশিষ্ট সাংবাদিক-গ্ৰন্থকাৰ ড° সমুদ্ৰগুপ্ত কাশ্যপে ৷ তেওঁ সাংবদিকতা আৰু সমাজ-জীৱনৰ বিষয়ে তথ্য সমৃদ্ধ , চিন্তাকৰ্ষক ভাষণ প্ৰদান কৰে ৷ বিষয় প্ৰসংগত বিভিন্ন উদাহৰণ দি কয় —প্ৰযুক্তিৰ উত্তৰণে সাংবাদিকতাত ব্যাপক প্ৰভাৱ পেলাইছে ৷ ১৯৮৩ চনৰ নেলীৰ ঘটনাৰ কোনো ফোটো বাতৰি কাকতত নাছিল ৷ কিন্তু আজিৰ পৰা কিছু বছৰৰ আগতে ভোগালী বিহুত ৰঙিয়াৰ ওচৰৰ কেকেৰিকুছিত হোৱা উগ্ৰপন্থীয়ে ২৮ জন লোকক হত্যা কৰাৰ ঘটনাটো দুদিন পাছত দূৰদৰ্শনত সম্প্ৰচাৰিত হৈছিল ৷ আহত-নিহতৰ নামো প্ৰকাশ হৈছিল ৷ সেয়ে দূৰদৰ্শনৰ বিষয়াক গ্ৰেপ্তাৰ কৰা হৈছিল ৷ কাৰণ এনে বাতৰিয়ে সমাজৰ সম্প্ৰীতিত বিৰূপ প্ৰভাৱ পৰে ৷ সেয়ে এনে ঘটনা প্ৰচাৰ কৰাটো আইন বিৰুদ্ধ ৷ এইখিনিতে সংবাদমাধ্যমৰ নৈতিকতাৰ বিষয়টো জৰিত হৈ আছে ৷ এসময়ত ভাৰতবৰ্ষত সেউজ বিপ্লৱ ৰেডিঅ’ৰ ফলত সম্ভৱ হৈছিল ৷ এয়া সংবাদমাধ্যমৰে সফলতা ৷ মহাসমৰৰ পাছত শান্তি স্থাপনৰ ক্ষেত্ৰতো সংবাদ মাধ্যমৰ ভূমিকা আছে ৷ অৰ্থাৎ সংবাদমাধ্যম অতি শক্তিশালী ৷ কিন্তু বৰ্তমানৰ প্ৰযুক্তি বিজ্ঞানৰ উত্তৰণৰ সমানে হয়তো আমাৰ উৎকৰ্ষ সাধন হোৱা নাই ৷ এতিয়া “স্পেচিয়েলাইজেচন”ৰ যুগ অথচ সাংবাদিকসকলে প্ৰত্যেকেই সকলো বিষয়তে লিখিব লাগে ৷ সেয়ে বিচ্যুতি ঘটাৰ সম্ভাৱনা থাকে ৷ সংবাদ মাধ্যমৰ অন্যতম মূল কাম হ’ল তথ্যৰ যোগান সামজিক শিক্ষা দান কৰা ৷ এই দায়িত্বৰে সাংবাদিকসকলে সম্প্ৰীতিৰ সেঁতু নিৰ্মাণ কৰিব পাৰে ৷ইতিবাচক উদ্ভাৱনী দায়ৱদ্ধতাৰে সংবাদমাধ্যমে এখন আস্থাশীল সমাজ নিৰ্মাণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে ৷উমৈহতীয়া ইতিহাস চৰ্চাৰেও মানুহৰ মাজত মিলন সেঁতু গঢ়িব পাৰে সংবাদ মাধ্যমে ৷” ইয়াত আলোচকৰূপে উপস্থিত থাকি আনন্দ বাজাৰ পত্ৰিকাৰ জ্যেষ্ঠ সাংবাদিক উত্তম সাহাই কয়—“সম্প্ৰীতিৰ সাঁকো নিৰ্মাণ বুলি ক’লে আমাৰ মনত প্ৰশ্ন হয় যে আমাৰ মাজতনো বিভেদ হ’ল কেতিয়া ? অন্ততঃ সাংবাদিকতাত বৰাক-ব্ৰহ্মপুত্ৰ বুলি কোনো বিভেদ নাই ৷ সাংবাদিকতাই সদায় সকলো মানুহক প্ৰতিনিধিত্ব কৰে ৷ মই নিজেই গুৱাহাটীত থাকি সাংবাদিকতা কৰিছোঁ কোনো অসুবিধা নোহোৱাকৈ ৷ শিলচৰত আমি অতি গৌৰৱেৰে অসমৰ সাংবাদিকতাৰ ডেৰশ বছৰীয়া জয়ন্তী উদযাপন কৰিছোঁ ৷ সাংবাদিকতাৰ মূল দৰ্শন আৰু ধৰ্ম হৈছে সত্য প্ৰকাশ কৰা ৷ ইয়াত বিভেদৰ কোনো স্থান নাই ৷” আন এগৰাকী আলোচক, দৈনিক বাৰ্তালিপিৰ সম্পাদক অৰিজিৎ আদিত্যই আলোচ্য বিষয় সন্দৰ্ভত কয় যে সাংবাদিকসকল সমাজৰ অংগ ৷ সম্প্ৰীতি বৰ্তাই ৰখাৰ দায়িত্বও সমাজৰে দায়িত্ব ৷ শিলচৰত বিহু গীত আৰু বিহু নৃত্য অবিহনে কোনো সাংস্কৃতিক অনুষ্ঠান সম্পূৰ্ণ নহয় ৷ কিন্তু গুৱাহাটীৰ সংবাদ মাধ্যমত কেতিয়াবা এনে অভিযোগ উত্থাপন হয় যে শিলচৰত বিহু নহয় ৷ সমাজিক মাধ্যমতো এনে কথা ওলায় ৷ কিন্তু এয়া ভুল প্ৰচাৰ ৷ ইয়াৰ দ্বাৰা ভুল বাৰ্তা প্ৰচাৰিত মানুহৰ মাজত ৷ এইক্ষেত্ৰত এসময়ৰ ভাৰতকণ্ঠ দেৱজিৎ সাহা এক উদাহৰণ ৷ দুয়োটা উপত্যকাৰ মানুহে তেওঁক বিপুল সমৰ্থনেৰে জয়ী কৰাইছিল ৷ অৱশ্যে টি আৰ পিৰ আশাৰে দুয়োটা উপত্যকাৰ মানুহৰ মাজত বিভেদ-বিতৰ্কৰ ইছ্যু কৰা দেখা যায় ৷ কোনো জনভিত্তিহীন লোকে দুৰ্গা পূজাত ব্ৰহ্মপুত্ৰ উপত্যকাত বাংলা ভাষাৰ পোষ্টাৰ চিৰা বিষয়টো আমি জনাত বৰাক উপত্যকাৰ কোনো সংবাদ মাধ্যমতে প্ৰকাশ কৰা নাছিল ৷ এয়া দায়িত্বশীল সাংবাদিকতা ৷ কিন্তুু সামাজিক মাধ্যমত বহু সময়ত ইয়াৰ বিপৰীত প্ৰতিচ্ছবি দেখা যায় ৷ গতিকে প্ৰকৃত সাংবাদিকে এইক্ষেত্ৰত সচেতন হোৱা ভাল ৷ শিলচৰত অসম গ্ৰন্থমেলা অনুষ্ঠিত হোৱাটোও সম্প্ৰীতিৰ নিদৰ্শন ৷ ইপিনে আজি সন্ধিয়াৰ সাংস্কৃতিক প্ৰতিযোগিতাও দৃষ্টিনন্দন হৈ পৰে ৷উল্লেখ্য যে অসম গ্ৰন্থমেলা, শিলচৰতো এহেজাৰ টকাৰ গ্ৰন্থ ক্ৰয় কৰা সকলক ১ লাখ টকাৰ নগদ ধনৰ পুৰস্কাৰৰ বাবে কুপন দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷গ্ৰন্থমেলাৰ অন্তিম দিনা অৰ্থাৎ অহা ১০ ডিচেম্বৰত সন্ধিয়া ৬ বজাত লটাৰীৰ জৰিয়তে এই পুৰস্কাৰ প্ৰদান কৰা হ’ব ৷