অনলাইন বাৰ্ত্তাসেৱা – সজন প্ৰকাশে শনিবাৰে ৰোমৰ “ছেটে কলি ট্ৰফী”ত আগবঢ়োৱা এক সুন্দৰ প্ৰদৰ্শনেৰে টকিঅ’ অলিম্পিকৰ বাবে স্বয়ংক্ৰিয়ভাৱে যোগ্যতা অৰ্জনৰ কৰে। এই খেলখনৰ জৰিয়তে তেওঁ অ’লিম্পিকত ‘এ’ কাট অৰ্জন কৰি নিজৰ নাম অন্তৰ্ভূক্ত কৰা প্ৰথমগৰাকী ভাৰতীয় সাঁতোৰবিদ হিচাপে পৰিগণিত হয়। তেওঁ ২০০ মিটাৰ “বাটাৰফ্লাই ইভেণ্ট”ত সময় লৈছিল ১:৫৬:৩৮ মিনিট। ইয়াৰ জৰিয়তে তেওঁ এক নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়।
সাঁতোৰবিদ সজন প্ৰকাশৰ এক নতুন ৰাষ্ট্ৰীয় অভিলেখ
