সহস্ৰাধিক লোকৰ উপস্থিতিত সম্পন্ন হয় ফাইজুৰ ৰহমানৰ অন্তিম সংস্কাৰ

সহস্ৰাধিক লোকৰ উপস্থিতিত সম্পন্ন হয় ফাইজুৰ ৰহমানৰ অন্তিম সংস্কাৰ

 ইকবাল হুছেইন,মৈৰাবাৰী, ৰঙিলী বাৰ্ত্তাসেৱা –  মৰিগাঁও জিলাৰ লাহৰীঘাটত সংঘটিত হৈছিল এক নাটকীয় হত্যাকাণ্ড । ২৬ ফেব্ৰুৱাৰীৰ পৰা সন্ধানহীন হৈ আছিল ফাইজুৰ ৰহমান ওৰফে ৰাব্বুল নামৰ এগৰাকী কলেজীয়া ছাত্ৰ । আৰক্ষী আৰু S D R F বাহিনীৰ তৎপৰতাত ছাত্ৰ গৰাকীৰ মৃতদেহ উদ্ধাৰ হয় । প্ৰেমিকা ৰেজিনা আৰু ন প্ৰেমিক আনিছুৰে মিলি সংঘটিত কৰিছিল হত্যাকাণ্ড । হত্যাকাণ্ড সংঘটিত হাত ভৰি বান্ধি মেটেকাৰ তলত লুকুৱাই থৈছিল মৃতদেহটো । মৰিগাঁও জিলাৰ পাটিদৈয়া বিলত মেটেকাৰ তলত লুকুৱাই থৈছিল মৃতদেহ । আৰু আজি নিঠৰ দেহ আহি নিজ বাসগৃহ পোৱাৰ লগে লগে অন্তিম বাৰৰ বাবে ফাইজুৰক চোৱাৰ বাবে ভিৰ কৰে অঞ্চলবাসীয়ে । আৰু অৱশেষত সহস্ৰাধিক লোকৰ উপস্থিতিত অন্তিম সংস্কাৰ সম্পন্ন কৰা হয় হত্যাৰ বলি হোৱা কলেজীয়া ছাত্ৰ ফাইজুৰ ৰহমানৰ ।