সম্ভৱনাপূৰ্ণ এক নৱবৰ্ষ- দিগন্ত কলিতা

Pc. Twitter

সম্ভৱনাপূৰ্ণ এক নৱবৰ্ষ

দিগন্ত কলিতা
কমলপুৰ সমষ্টিৰ বিধায়ক

পুৰণি বৰ্ষৰ বিদায় আৰু এক নতুন বছৰত পদৰ্পণ, এক স্বাভাবিক মানৱ জীৱনশৈলীৰ অংগ। । এৰি অহা বছৰে মানুহক দিয়ে অভিজ্ঞতা। জীৱনক যুকিয়াই চোৱাৰ এক শক্তি ।আনহাতে নতুন বছৰে দিয়ে আগুৱাই যোৱাৰ অফুৰন্ত সমল। সম্ভৱনাপূৰ্ণ বছৰ এটাক আমি কিদৰে আগুৱাই লৈ যাব বিচাৰোঁ, সেই সমগ্ৰ বিষয়টো ব্যক্তিৰ কাৰ্য ৰূপায়ণৰ ওপৰত নিৰ্ভৰশীল।আধুনিক জীৱনযাত্ৰ অতি দ্ৰুত। বিজ্ঞান আৰু প্ৰযুক্তিয়ে মানুহৰ চিন্তা, কৰ্ম ৰূপায়ণৰ পৰিৱেশ সলনি কৰি পেলাইছে। চৌপাশৰ প্ৰতিযোগীতামুখী পৰিৱেশত নিজকে শক্তি-শালীভাৱে প্ৰতিষ্ঠা কৰিব নোৱাৰিলে উজলি উঠাটো সম্ভৱ নহয়। পুৰনি আৰু নতুনৰ সমন্বয় সাধন কৰিব লাগিলে আমাৰ চিন্তাধাৰাৰ সলনি কৰিবই লাগিব। সমাজমুখী চেতনাৰে মানুহ আগবাঢ়িব নোৱাৰিলে সভ্যতাক সঠিক দিশত গতি প্ৰদান কৰিব নোৱাৰি।তাৰ বাবে মানুহে উভতি চাব লাগিব এৰি অহা বৰ্ষৰ ঘটনাপ্ৰৱাহ।তেনেবোৰ দিশত আত্মনিয়োগ কৰিব লাগিলে মানুহে আত্মসমালোচনাৰ পৰ্যায়লৈ যাবই লাগিব।আমাৰ ৰাজ্যখনে প্ৰগতিৰ দিশেৰে গতি কৰিব লাগিলে প্ৰতি গৰাকী ব্যক্তিক সজাগ-সচেতন আৰু কৰ্ম মুখী চেতনাৰে সংঘবদ্ধভাবে লৈ যোৱাৰ দিশত চিন্তা প্ৰসাৰিত কৰিবই লাগিব।আমাৰ ৰাজ্যখনে আগুৱাই যোৱাৰ বাবে যথেষ্ট সম্পদ আৰু সম্ভাৱনা আছে। তাৰ সুপ্ৰয়োগৰ ওপৰতে ভৱিষ্যৎ নিৰ্ভৰশীল । যোৱা বছৰটো আমাৰ সকলোৰে বাবে আছিল আশাৰ বৰ্ষ ।বিভিন্ন ক্ষেত্ৰত আমি সফলতা লাভ কৰিব পাৰিছোঁ। উন্নয়ন,ক্ৰীড়া,সাহিত্য,সংস্কৃতি সকলো দিশতে এক সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছোঁ।এইক্ষেএত আৰু বহুদূৰ আগুৱাই যাবলৈ বাকী আছে । কঠোৰ পৰিশ্ৰম, নিষ্ঠাসহকাৰে কৰ্মত নিয়োজিত হ’ব পাৰিলে সফলতাৰ শীৰ্ষত আৰোহন কৰাটো সম্ভৱ হ’ব। নতুন বছৰত আমাৰ নতুন প্ৰজন্মই তেনে লক্ষ্য নিৰ্ধাৰন কৰি জীৱনৰ বাটত আগুৱাই গৈ ৰাজ্যখনক গৌৰৱান্বিত কৰাৰ মানসিকতা গঢ়িব লাগিব। অসম তথা উত্তৰ-পূৰ্বাঞ্চলে আজি ৰাষ্ট্ৰৰ সন্মুখত নিজৰ পৰিচয় দাঙি ধৰাৰ সুযোগ লাভ কৰিছে। সেই সুযোগৰ সদ্ ব্যৱহাৰত আমি গুৰুত্ব প্ৰদান কৰিবই লাগিব। চিন্তাধাৰা সলনি কৰিব লাগিব। এইক্ষেত্ৰত যুবপ্ৰজন্মই দেশ মাতৃক উজলাই তোলাৰ ভাবনাৰে নতুন বছৰত প্ৰতিজ্ঞাবদ্ধ হ’ব লাগিব।

যোৱা বছৰটো অসম ৰাজনৈতিক-সামাজিক জীৱনৰ বাবে গুৰুত্ব পূৰ্ণ আছিল।এটা পৰিবৰ্তনমুখী যাত্ৰা সূচনা হৈছে। জনসাধাৰণৰ আস্থা আৰু বিশ্বাসক সাৰোগত কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰূপান্তৰৰ যি পৰিৱেশ সূচনা কৰিলে,সেয়া আছিল অসমৰ ৰাজনৈতিক ইতিহাসৰ উল্লেখযোগ্য বছৰ ।২০২১ চনক সেইবাবে সুকীয়াভাবে পৰ্যালোচনা কৰাৰ প্ৰয়োজনীয়তা আছে। ৰাজনীতি, ৰাজনীতিকসকলৰ প্ৰতি বিৰাগভাজনৰ পৰিৱৰ্তে এক আস্থালৈ সলনি হ’ল। সমাজৰ শেষৰজন ব্যক্তিলৈ সেৱা আগবঢ়োৱাৰ বাবে চৰকাৰখনে লোৱা পদক্ষেপে মানুহৰ মানসিকতা সলনি কৰাৰ লগতে জনপ্রতিনিধিসকলেও গতানুগতিক ধাৰাৰ পৰা বিচ্ছিন্ন হৈ আজি জনতাৰ সেৱাত ব্ৰতী হোৱাৰ বাবে নিজকে কর্মত নিয়োজিত কৰিছে। এই ধাৰা অব্যাহত ৰখাৰ বাবে নতুন বছৰত প্ৰতিগৰাকী জনপ্রতিনিধিয়ে সংকল্পবদ্ধ হ’ব লাগিব। অসমক এখন শ্ৰেষ্ঠ ৰাজ্যত পৰিণত কৰিব লাগিলে ৰাইজৰ লগতে জনপ্রতিনিধিসকলো অধিক সজাগ আৰু সচেতন হ’ব লাগিব। জনতাৰ সেৱাই জীৱনৰ লক্ষ্য, উদ্দেশ্য হ’ব লাগিব। নতুন বছৰটোত তেনে মানসিকতাৰে আগবাঢ়ি যোৱাৰ বাবে মন বান্ধিব লাগিব। জনসাধাৰণৰ মাজলৈ গৈ তেওঁলোকৰ মৰ্মবেদনা উপলব্ধি কৰাৰ বাবে কাম কৰিলে আগন্তুক সময়ত আমাৰ পৰিৱৰ্তনৰ ধাৰা অধিক সাৱলীল হ’ব বুলি বিশ্বাস কৰোঁ। আগন্তুক বছৰটো যাতে শান্তি-সমৃদ্ধি আৰু উন্নয়নৰ বৰ্ষ হয়, তাৰ বাবে আমি সমন্বয় আৰু শান্তিপূর্ণ সহাৱস্থানৰ পৰিৱেশ গঢ়াৰ বাবে সকলোৱে কৰ্ম পথাৰত অগ্ৰসৰ হ’ব লাগিব।