সম্প্ৰীতিৰ এক উজ্জ্বল নিদৰ্শন গুৱাহাটীৰ ছয়মাইলস্থিত “চচল ৰাজহুৱা নামঘৰ”
ৰঙিলী বাৰ্ত্তাসেৱা- ২০০২ খ্ৰী: ত শিৱসাগৰৰ এজন উদাৰ ব্যক্তি প্ৰয়াত লৱকান্ত গোহাঁইৰ বদান্যতাত ওপৰ চচলৰ মহাপুৰুষ মাধৱদেৱ পথত থকা তেওঁৰ মাটিৰ প্ৰায় দহ লেচা মাটি এটি নামঘৰ বনাবলৈ চচলৰ ৰাইজক মুক্তহস্তে দান কৰে ৷ সেইমতে ৰাইজে এটি নামঘৰ নিৰ্মাণ কমিটী গঠন কৰে আৰু বাঁহ, বেত আৰু টিনৰ চালি দি সৰুকৈ নামঘৰ এটি সাজি উলিয়ায় ৷ ইয়াতে ভকত বাপ আৰু আই সকলে নাম-প্ৰসংগ আৰু কীৰ্ত্তন ভাগৱত পাঠ কৰি এটি সুন্দৰ ভগৱৎ প্ৰেমৰ বাতাবৰণ সৃষ্টি কৰিছিল৷ সময় আগুৱাই যোৱাৰ লগে লগে সদস্যৰ সংখ্যাও বাঢ়ি আহিল৷ এদিন সকলোৱে লগ হৈ এই বাঁহ বেতৰ নামঘৰটি ভাঙি এটি দুমহলীয়া পকী ঘৰ নিৰ্মাণ কৰে ৷ নামঘৰটিৰ তলৰ মহলাত ভকত-বাপ আৰু আই সকলৰ সভাগৃহ আৰু ওপৰৰ প্ৰথম মহলাত মণিকূট আৰু নামঘৰ ৷ এই দুমহলীয়া নামঘৰটিৰ নিৰ্মাণকাৰ্য্য সৰহ খিনিয়েই ৰাইজৰ দানেৰে কৰা হয়, পাছত অৱশ্যে দিচপুৰ বিধানসভাৰ বিধায়ক অতুল বৰাৰ অনুগ্ৰহত অসম চৰকাৰৰ পৰা চাৰে তিনি লাখ টকা পোৱা যায় ৷ সকলোবোৰ ঠিকমতে হৈ উঠিছিল ৷ মাত্ৰ এটা অসুবিধা আছিল ১ম মহলাত থকা নামঘৰৰ চাদৰ ওপৰত কোনো চালি নাছিল বাবে গৰমৰ দিনত নাম-প্ৰসঙ্গ কৰোতে ভকত-বাপ আৰু আই সকলে যথেষ্ট অসুবিধাৰ সন্মুখীন হৈ আছিল ৷ কিন্তু এই অসুবিধাকণ এইবাৰ দূৰ কৰিলে নামঘৰৰ ওচৰৰেই বাসিন্দা সৰবৰহী ইচলাম ধৰ্মীয় ব্যক্তি মঃ তফিজুল ইছলামে ৷ তেওঁৰ সমাজপ্ৰিয় পিতৃ শ্ৰদ্ধাৰ আলহাজ মঃ জাবেদ আলীৰ পৱিত্ৰ স্মৃতিত প্ৰায় আশী হেজাৰ টকাৰে নামঘৰৰ ২য় মহলাত ওপৰত টিনপাত লগাই দিয়ে ৷ তেওঁৰ এই মহান অনুদানৰ বাবে চচল ৰাজহুৱা নামঘৰৰ সমূহ সদস্যবৃন্দই নামঘৰৰ প্ৰতিষ্ঠা দিৱসৰ দিনা তেওঁৰ মা, পৰিবাৰ আৰু ল’ৰা-ছোৱালী সমন্বিতে পৰিয়ালৰ সকলোটিকে নামঘৰলৈ মাতি আনি সম্বৰ্দ্ধনা জনায় আৰু তেওঁলোকৰ পৰিয়ালক এটি হৰিদ্ধনিৰে আশীৰ্বাদ দিয়ে ৷ মহাপুৰুষ শঙ্কৰদেৱে যৱন চান্দসাইক শৰণ দি একশৰণ নামধৰ্মত সম্প্ৰীতিৰ যি উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছিল সকলোৱে একে মুখে এই কাৰ্যৰ সমপৰ্যায় বুলি নামঘৰ কমিটীক ভূয়সী প্ৰশংসা কৰে৷