সমাগত দুর্গা পূজা উপলক্ষে কিছু সালসলনি কৰা হৈছে শক্তিপীঠ মা কামাখ্যা দেৱালয় দৰ্শনৰ সময়ৰ

pc Wikipedia

সমাগত দুর্গা পূজা উপলক্ষে কিছু সালসলনি কৰা হৈছে শক্তিপীঠ মা কামাখ্যা দেৱালয় দৰ্শনৰ সময়ৰ

অনলাইন বাৰ্ত্তাসেৱা –

কামাখ্যা দেৱালয়ৰ দলৈয়ে এক বিবৃতিত জানিবলৈ দিয়া অনুসৰি সময়সূচী তলত উল্লেখ কৰা হ’লঃ

দুর্গা পূজা উপলক্ষে অহা ১০ অক্টোবৰৰ পুৱা ১০.৩০ বজাৰ মন্দিৰৰ দুৱাৰ খোলা হ’ব আৰু সূৰ্যাস্তৰ পিছত দুৱাৰ বন্ধ কৰা হ’ব। ১১ অক্টোবৰৰ পুৱা ৯ বজাত মন্দিৰৰ দুৱাৰ দৰ্শনাথীৰ বাবে খোলা হ’ব। | দুপৰীয়া ১ বজাত ভোগ নিবেদনৰ পিছত সূৰ্যাস্তৰ পিছত দুৱাৰ বন্ধ কৰা হ’ব। ১২ অক্টোবৰৰ পুৱা ৯.৩০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব | আৰু আবেলি সূর্যাস্তৰ পিছত বন্ধ কৰা হ’ব। ১৩ অক্টোবৰৰ মহা অষ্টমীৰ দিনা পুৱা ১০.৩০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব আৰু আবেলি ৩ বজাত দর্শনার্থীৰ অপেক্ষাগৃহত দুৱাৰ বন্ধ কৰা হ’ব। ১৪ অক্টোবৰৰ পুৱা ১০.৩০ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব আৰু আবেলি | সূর্যাস্তৰ পিছত দুৱাৰ বন্ধ কৰা হ’ব। ১৫ অক্টোবৰৰ পুৱা ৯ বজাত মন্দিৰৰ দুৱাৰ খোলা হ’ব। দুপৰীয়া ১ বজাত ভোগ নিবেদনৰ পিছত আবেলি সূৰ্যাস্তৰ পিছত দুৱাৰ বন্ধ কৰা হ’ব। সমুহ ভক্তগণক এই সময়ছোৱাত সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনাইছে দলৈয়ে।