সমষ্টি পুনৰ নিৰ্ধাৰণে কিহৰ ইংগিত বহন কৰিছে ? – দেবর্ষি গৌতম

সমষ্টি পুনৰ নিৰ্ধাৰণে কিহৰ ইংগিত বহন কৰিছে ?

দেবর্ষি গৌতম, বনগাঁও

ভাৰতীয় নিৰ্বাচন আয়োগে ইতিমধ্যে সমষ্টি পুনৰ নিৰ্ধাৰণৰ খচৰা ৰাজহুৱা কৰিছে। এই খচৰাক লৈ সকলো ৰাজনৈতিক আৰু অৰাজনৈতিক লোকৰ মাজত এক মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনোৱে যদি কৈছে এইয়া খিলঞ্জীয়া লোকৰ বাবে এক সঠিক সিদ্ধান্ত আকৌ কোনোবাই ইয়াৰ বিপৰীতে মত পোষণ কৰি কৈছে যে এই খচৰাৰ বাবে খিলঞ্জীয়া লোকৰ কোনো ধৰণৰ লাভ নহয়। ২০০১ চনৰ লোকপিয়লৰ ওপৰত ভিত্তি কৰি এই খচৰা প্ৰস্তুত কৰা হৈছে। ইয়াৰ উপৰিও এই খচৰাত কেৱল সমষ্টি সমূহৰ নতুন সীমা নিৰ্ধাৰণ কৰা হব ইয়াৰ ফলত কোনো নতুন সমষ্টিৰ সৃষ্টি নহয়। পূৰ্বতে যিমান সমষ্টি আছিল সমষ্টিৰ সংখ্যা সিমানেই থাকিব। বহুতো সমষ্টিৰ ৰূপৰেখা সলনি হোৱাৰ পৰিপ্ৰেক্ষিতত কিন্তু বহুতো ভোটাৰ ৰাইজ অনাগত নিৰ্বাচনত কিছু বিমোৰত যে পৰিব সেইয়া নিশ্চিত। এইখিনিতে সকলোৰে মনত উত্থাপন হোৱা এটা প্ৰশ্ন হল এই সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়া কোনোবা নিৰ্দিষ্ট ৰাজনৈতিক দলৰ ব্যক্তিগত লাভালাভৰ বাবে কৰা হৈছে নেকি ? যদি কাৰো লাভালাভৰ কথা আগত ৰাখি এই পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই তেনেহলে ভিত্তিবৰ্ষ ২০০১ কিয় নিৰ্ধাৰণ কৰা হল ? এই সকলোবোৰ প্ৰশ্নৰ অৱতাৰণা এই কাৰণে হৈছে যে ২০০১ চনৰ লোকপিয়লৰ তুলনাত বৰ্তমান অসমৰ জনসংখ্যা বহুত বৃদ্ধি পাইছে। এই বৰ্ধিত জনসংখ্যাৰ গাথঁনিক আওকান কৰি পূৰ্বৰ লোকপিয়লক ভিত্তি কৰি সমষ্টি পুনৰ নিৰ্ধাৰণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। যদি সচাকৈ খিলঞ্জীয়া লোকৰ অধিকাৰ অটুট ৰাখিবলৈ এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে তেনেহলে বৰ্তমান যি জনগাঁথনি তাৰ ওপৰত ভিত্তি কৰি এই পদক্ষেপ গ্ৰহণ কৰা হলে অধিক ফলপ্ৰসূ হলহেঁতেন। এই পদক্ষেপৰ ফলত মুষ্টিমেয় কিছু সমষ্টিত খিলঞ্জীয়া লোকৰ ভোটৰ জৰিয়তে তেওঁলোক নিৰ্ণায়কৰ ভূমিকা পালন কৰিব যদিও অধিকাংশ সমষ্টিত কিন্তু খিলঞ্জীয়া লোক সকল এই সুবিধাৰ পৰা বঞ্চিত হব বুলি অভিযোগ উত্থাপন হোৱা পৰিলক্ষিত হৈছে। যিহেতু সমষ্টি পুনৰনিৰ্ধাৰণ প্ৰক্ৰিয়া পূৰ্বৰ লোকপিয়লৰ ভিত্তিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে গতিকে এই পদক্ষেপৰ জৰিয়তে যি খিলঞ্জীয়াৰ অধিকাৰ সুনিশ্চিত কৰাৰ কথা কৈ থকা হৈছে সেয়া হয়তো কাৰ্যক্ষেত্ৰত প্ৰতিফলিত হোৱা আমি দেখিবলৈ নাপাম। অসমত যাতে প্ৰতিগৰাকী অসমীয়াই গৰ্বেৰে জীয়াই থাকিব পাৰে সেইয়া প্ৰতিগৰাকী অসমীয়া লোকে বিচাৰে। সমষ্টি ভেদে যদি খিলঞ্জীয়া লোকসকল সংখ্যালঘু হিচাপে পৰিগণিত হয় তেনেহলে অতি সোনকালে অসমত অসমীয়া লোকৰ অস্তিত্ব নাইকিয়া হৈ যাব। চৰকাৰ প্ৰশাসনে লোৱা প্ৰতিটো পদক্ষেপ যাতে খিলঞ্জীয়া লোকসকলৰ সপক্ষে হয় সেয়া প্ৰতিগৰাকী সচেতন অসমীয়া লোকৰে কাম্য। সমষ্টি পুনৰ নিৰ্ধাৰণ প্ৰক্ৰিয়াই যাতে অনাগত ভৱিষ্যত খিলঞ্জীয়া অসমীয়া লোকসকলৰ অস্তিত্ব অসমতে বিলুপ্ত নকৰক তাকে প্ৰতিগৰাকী খিলঞ্জীয়া লোকে কামনা কৰিছে। কেৱল ৰাজনৈতিক উদ্দেশ্য আগত ৰাখি লোৱা সিদ্ধান্ত যে অসমীয়া জাতিৰ বাবে ক্ষতিকাৰক সেয়া সৰ্বজনবিদিত। অসমখন সদায় খিলঞ্জীয়া অসমীয়া লোকৰ বাবে সুৰক্ষিত হৈ থাকক সেইয়া প্ৰতিগৰাকী অসমীয়া লোকে হৃদয়ৰ পৰা কামনা কৰিছে।