সপোন সাৰ্থক হ’ল মেছিৰ
ৰঙিলী বাৰ্ত্তাসেৱা- কাটাৰত অনুষ্ঠিত ফিফা বিশ্বকাপ ২০২২ৰ ফাইনেল খেলখনত আৰ্জেণ্টিনাই ফান্সৰ বিৰুদ্ধে দীঘলীয়া তুমুল যুঁজৰ অন্তত অৱশেষত পেনাল্টি শ্বুটআউটত জয়লাভ কৰে। ৯০ মিনিটৰ খেলৰ অন্তত ২-২ গ’লত ড্ৰ হয় খেলখন। অতিৰিক্ত ৩০ মিনিট খেলৰ অন্তত ৩-৩ গ’লত পুনৰ ড্ৰ হয়। ইয়াৰ পিছত পেনাল্টি শ্বুট আউট খেলিব লগা হয়। এই তুমুল যুঁজখনত বহু উত্থান-পতন দেখা যায়। প্ৰথমাৰ্ধত আৰ্জেণ্টিনাৰ হাতত আছিল খেলখন। ইয়াৰ পাছত দ্বিতীয়ার্ধত এমবাপে দুই মিনিটত দুটা গ’ল দিয়াত খেলখন ড্ৰ হয়৷ অৱশেষত পেনাল্টি শ্বুটআউটত মেছিৰ দলটোৱে ৪-২ গ’লত জয়লাভ কৰে।