বিশ্বৰ ভিতৰতে আটাইতকৈ স্বাস্থ্যকৰ পানীয় অসমৰ মনোহাৰী গল্ড টি

বিশ্বৰ ভিতৰতে আটাইতকৈ স্বাস্থ্যকৰ পানীয় অসমৰ মনোহাৰী গল্ড টি

ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ মনোহাৰী গল্ড টি বিশ্বৰে এক বিৰল জাতৰ চাহ।মনোহাৰী গল্ড টিৰ বিশ্বৰ ভিতৰতে আটাইতকৈ স্বাস্থ্যকৰ পানীয় বুলিও পৰিচয় আছে।এইবাৰ পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি অসমৰ মনোহাৰী গল্ড টি প্ৰতি কিল’গ্ৰাম বিক্ৰী হ’ল ১ লাখ ১৫ হাজাৰ টকাত।হায়দৰাবাদৰ ক্লায়েণ্ট কেফে নিলোফাৰ টি ইনটেকৰ নিলাম প’ৰ্টেলৰ জৰিয়তে হোৱা নিলামত ডিব্ৰুগড়ৰ মনোহাৰী গ’ল্ড টিয়ে এই মূল্য লাভ কৰিছে।গুৱাহাটী চাহ নিলাম কেন্দ্ৰত ভাৰতীয় টি ব’ৰ্ডৰ কেপ ৫০ টকাত সীমাবদ্ধ হোৱাৰ বাবেই সৰ্বোচ্চ ১ লাখ টকাত বিক্ৰী কৰিবলগীয়া হৈছিল মনোহাৰী গ’ল্ড টি।কিন্তু এইবাৰ ব্যক্তিগত নিলামত সেই সীমাবদ্ধতা নথকা হেতু পূৰ্বৰ অভিলেখ ভংগ কৰি প্ৰতি কিল’গ্ৰাম চাহ ১ লাখ ১৫ হাজাৰ টকাত বিক্ৰী হয়।উল্লেখযোগ্য যে,মনোহাৰী গল্ড টি বিশ্বৰে এক বিৰল জাতৰ চাহ।এই চাহ চেকেণ্ড ফ্লাছৰ সময়ত, বহু উন্নত ক্লন পি-১২৬ ৰ সহায়ত তৈয়াৰ কৰা হয়।ইয়াৰ বাবে পুৱা ৪ বজাৰ পৰা ৬ বজাৰ ভিতৰতেই পাত তুলি লোৱা হয়।