সপোনৰ কাঁচিয়লি ৰ’দত
মানসী মিশ্ৰ
তুমিয়েতো সেই চিনাকি মানুহজন লুইতৰ দাঁতিত লগপোৱা
সেই তাহানি দিনত
সেইজন তুমুয়েতো, নোহোৱানে সন্মুখৰ সেউজীয়া
পথাৰৰ সোণালী সপোন দেখা
তুমিতো নোহোৱা ভোকাতুৰৰ মুখৰ পৰা ভাতমুঠি
কাঢ়ি নিয়া সেই মানুহজন
তুমিতো ভুকাতুৰৰ মুখত ৰুটীখন গুজি দিয়া
মোৰ সপেনৰ ৰাজকুমাৰজন
অ’ সেইজনেই তুমি
যাব হেৰাই যাব খোজা পুৰণি ঠিকণাটো
মই বিচাৰি পালোঁ জানানে
মোৰ পুৰণি চিঠিৰ ভাঁজত
মোৰ ল’ৰালিৰ স্মৃতিৰ সাঁচতীয়া ভঁৰালটোত
তুমি তুমি, সেইজনেইতো
মোৰ চেনেহৰ মোৰ হেঁপাহৰ
ভোকাতুৰৰ মুখত ৰুটী গুজি দিয়া
চিনাকি মানুহজন