সনাতন নামঘৰত ‘অনন্তৰাম’ অভিনন্দন গ্ৰন্থ উন্মোচন

সনাতন নামঘৰত ‘অনন্তৰাম’ অভিনন্দন গ্ৰন্থ উন্মোচন

ৰঙিলী বাৰ্ত্তাসেৱা-  সনাতন নামঘৰত অনন্ত ৰাম বৈশ্যৰ ৮৫ সংখ্যক জন্ম দিনৰ সংগতি ৰাখি অলপতে এখন “অনন্তৰাম”নামৰ অভিনন্দন গ্ৰন্থ উন্মোচন কৰা হয়।গ্ৰন্থ উন্মোচন কৰে ঈশ্বৰ শ্ৰী হাতি সত্ৰৰ সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্তই।তেওঁৰ সাৰুৱা ভাষণেৰে সকলোকে মোহিত কৰে।উন্মোচনী সভাখনত হাঁহি ৰাম কলিতা,ভুপেন চন্দ্ৰ ভৰালী,শৈলেন কলিতা,আৰু গ্ৰন্থ খনৰ লিখক যোগেশ কলিতাই এক তত্ত্ব গধুৰ ভাষণ আগবঢ়ায়। সমজুৱাৰ ফালৰ পৰা অৱসৰ প্ৰাপ্ত পুলিচ বিষয়া গিৰীশ বৰাই এক ৰসাল ভাষণ প্ৰদান কৰে।সভাখনত সভাপতিত্ব কৰে নাৰায়ণ কলিতাই।সভাখন আঁত ধৰে মৌ ৰাম দাসে।