সদৌ টাই আহোম ছাত্ৰ সন্থা(আটাছু), টাই আহোম যুৱ পৰিষদ, অসম(টাইপা), আহোম সভা আৰু আহোম সেনাৰ যৌথ উদ্যোগত ধৰ্না কাৰ্য্যসূচী
ৰঙিলী বাৰ্ত্তাসেৱা- সদৌ টাই আহোম ছাত্ৰ সন্থা(আটাছু), টাই আহোম যুৱ পৰিষদ, অসম(টাইপা), আহোম সভা আৰু আহোম সেনাৰ যৌথ উদ্যোগত ছচলত সংগঠন সমূহৰ আটাছুৰ সভাপতি চাও মিলন বুঢ়াগোহাঁই, কাৰ্যকৰী সভাপতি দেৱজিত গগৈ, সাধাৰণ সম্পাদক চাও ভাস্কৰ বৰগোহাঁই, টাইপাৰ চাও দিগন্ত তামুলী, কাৰ্যকৰী সভাপতি চাও ভৃগু হাটিমুৰীয়া, সাধাৰণ সম্পাদক চাও দ্বীপজ্যোতি দুৱাৰা আৰু সদৌ অসম আহোম সভাৰ চাও প্ৰবীন গগৈ, কাৰ্যকৰী সভাপতি চাও ৰুবুল ফুকন, সাধাৰণ সম্পাদক চাও প্ৰাঞ্জল ৰাজকোৱঁৰ লগতে আহোম সেনাৰ চাও অংকুৰন ফুকন, সাধাৰণ সম্পাদক চাও যুগলজ্যোতি গগৈ আদিৰ নেতৃত্বত ধৰ্না কাৰ্যসূচী ৰূপায়ণ কৰে৷ টাই আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যদা আৰু স্বায়ত্ত্ব শাসন প্ৰদান কৰাৰ দাবীত৷বিজেপি চৰকাৰ গ’ বেক, কেন্দ্ৰীয় চৰকাৰ গ’বেক আদি ধ্বনি প্ৰদান কৰি উত্তাল কৰি তোলি৷যৌথ সংগঠন কেইটাৰ নেতৃবৃন্দয়ে আহোম সকলৰ সমস্যা সমূহৰ ওপৰত বক্তব্য ৰাখে আৰু জনজাতি মৰ্যাদাৰ দাবী তোলে৷ আনহাতে, আহোম সকলৰ জনজাতিকৰণ সমস্যা সামাধান নকৰিলে অনাগত দিনত অগণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী লোৱাৰ হুংকাৰ দিয়ে৷ আহোম সংগঠনটোৰ তৰফৰ পৰা এখন দাবী সম্বলিত স্মাৰকপত্ৰ দিছপুৰৰ এচিপিৰ জৰায়তে প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰীলৈ৷