সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা বজালী জিলা সমিতিৰ মন্ত্ৰী ৰজ্ঞিৎ কুমাৰ দাসক  সম্বৰ্ধনা প্ৰদান

pc-facebook

সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা বজালী জিলা সমিতিৰ মন্ত্ৰী ৰজ্ঞিৎ কুমাৰ দাসক  সম্বৰ্ধনা প্ৰদান

অনলাইন বাৰ্ত্তাসেৱা- সদৌ কোঁচ ৰাজবংশী ছাত্ৰ সন্থা (আক্ৰাছু) বজালী জিলা সমিতিয়ে মন্ত্ৰী ৰজ্ঞিৎ কুমাৰ দাসক  সম্বৰ্ধনা প্ৰদান কৰে। তেখেত সকলৰ এই আদৰ আৰু সম্ভাষণক মই হৃদয়ৰ মনিকোঠাত সযত্নে সাঁচি অনাগত দিনৰ প্ৰেৰণা হিচাপে আশ্বাসেৰে গ্ৰহণ কৰি যাম বুলি মন্ত্ৰী ৰজ্ঞিৎ কুমাৰ দাসে কয়। তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ডাঙৰীয়াই দেশৰ সকলো জাতি-জনগোষ্ঠীক একে লগে লৈ আগবঢ়াৰ যি মানসিকতা ঠিক সেই একে মানসিকতা লৈয়ে অসম চৰকাৰেও অসমৰ প্ৰতি গৰাকী ভূমি পুত্ৰ আৰু জাতি-জনগোষ্ঠীৰ লোকক একত্ৰে লৈ নিশ্চিত সুৰক্ষা প্ৰদানেৰে স্বাভিমানেৰে জীয়াই থকাৰ এটি পৰিৱেশ দিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। কোঁচ ৰাজবংশী জনগোষ্ঠীৰ অভাৱ-অভিযোগ সমূহ সমাধানৰ প্ৰতিও আমাৰ চৰকাৰ একেই প্ৰতিশ্ৰুতিৰে আগবাঢ়িব।

(RT)