সদৌ অসম ন্যায়িক কৰ্মচাৰী (চি জে এম) সন্থাৰ ধৰ্ণা কাৰ্য্যসূচী

সদৌ অসম ন্যায়িক কৰ্মচাৰী (চি জে এম) সন্থাৰ ধৰ্ণা কাৰ্য্যসূচী

ৰঙিলী বাৰ্ত্তাসেৱা- গুৱাহাটীৰ চি জে এম আদালতৰ ন্যায়িক কৰ্মচাৰীয়ে আজি আদালতৰ চৌহদৰ ভিতৰত আদালতত প্ৰৱেশ কৰা মুখ্য দ্বাৰৰ সন্মুখত বহি বিভিন্ন প্লে কাৰ্ড, পোষ্টাৰ আদি লৈ নতুন পেঞ্চন নীতিৰ (এন পি এছ) বিৰুদ্ধে তথা পুৰণা পেঞ্চন নীতি বাহাল ৰখাৰ দাবীত  এক প্ৰতিবাদী ধৰ্ণা কাৰ্য্যসূচী সাব্যস্ত কৰে। আজিৰ এই ধৰ্ণা কাৰ্যসূচীৰ নেতৃত্বত আছিল ন্যায়িক কৰ্মচাৰীৰ (চি জে এম) হেড এচিষ্টেন (বৰবাবু) গজেন্দ্ৰ নাথ ডেকা, ন্যায়িক কৰ্মচাৰীৰ হিমাংশু কলিতা, স্মিতাক্ষী বৰা আৰু লগতে নতুন আৰু পুৰণা পেঞ্চন নীতিৰ সকলো কৰ্মচাৰীৰ প্ৰায় ৭০ জন মান কৰ্মচাৰীয়ে সহযোগ কৰে। আনহাতে চেঁচন ন্যায়াধীশ আদালতটো চৌহদৰ ভিতৰত অনুৰূপ ধৰ্ণা কাৰ্য্যসূচীত নেতৃত্ব দিয়ে দিগন্ত বৰুৱা,কমল চৌধুৰী, বিনয় তালুকদাৰ আৰু অমিতাভ দত্তসহ প্ৰায় ৩৫ জন মান কৰ্মচাৰীৰ সহযোগত এই কাৰ্য্যসূচী ৰূপায়ন কৰে। উল্লেখ থাকে যে আজি সদৌ অসম জুদিছিয়েল এম্প্লয়ীজ ইউনিয়নৰ সভাপতি মদন উপাধ্যায় আৰু সম্পাদক উৎপল কলিতাৰ নেতৃত্বত অসমৰ প্ৰতিখন জিলাৰ আদালত সমূহত এই ধৰ্ণা কাৰ্য্যসূচী ৰূপায়ন কৰা হয় বুলি তেওঁলোকে জানিবলৈ দিয়ে।