সদৌ অসম কোচ ৰাজবংশীৰ নাগৰিক সন্মিলনী

সদৌ অসম কোচ ৰাজবংশীৰ নাগৰিক সন্মিলনী

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটী প্ৰেছ ক্লাবত সদৌ অসম কোচ ৰাজবংশী নাগৰিক সন্মিলনীয়ে এটি সংবাদ মেল অনুষ্ঠিত কৰে। উক্ত সংবাদ মেলত সভাপতি সনাতন দাস, সম্পাদক দীপক বৰ্মণ, উপ সভাপতি প্ৰকাশ দত্ত, সহ সম্পাদক নানক ডেকা সহ প্ৰায় ১৫ জন মান লোক উপস্থিত আছিল। তেওঁলোকে সাংবাদিকক জানিবলৈ দিয়ে যে জন জাতিকৰণৰ নামত জাতিটোক ভাগ ভাগ কৰা চৰকাৰী ষড়যন্ত্ৰৰ বিৰুদ্ধে ব্যাপক জনমত গঢ়িবলৈ আহ্বান জনায়।তেওঁলোকে ৰাজ্যজুৰি অৱস্থান ধৰ্মঘট তথা প্ৰতিবাদী কাৰ্যসূচীৰ প্ৰস্তুতি হাতত লৈছে। যোৱা ১০ জুলাই তাৰিখে জনতা ভৱনত মন্ত্ৰী পিযুষ হাজৰিকাৰ অধ্যক্ষতাত আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত গোৱালপাৰা জিলা আৰু বৰ্তমানৰ কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ অধীনস্থ এলেকাৰ ভিতৰৰ কোচ ৰাজবংশী সকলকহে জনজাতিৰ মৰ্য্যদা প্ৰদান কৰিব বুলি ওলোৱা বাতৰিৰ ষড়যন্ত্ৰমূলক সিদ্ধান্তক সদৌ কোচ ৰাজবংশী নাগৰিক সন্মিলনীয়ে কেতিয়াও মানি নলয়। এছ টিৰ নামত অসমৰ কোচ ৰাজবংশী সকলক ভাগ ভাগ কৰাৰ ষড়যন্ত্ৰ অতি দূৰ্ভাগ্যজনক বুলি মন্তব্য প্ৰকাশ কৰে। ২০০২ চনত কেন্দ্ৰৰ বিজেপি চৰকাৰে১৪২ টা জনগোষ্ঠীক জনজতিকৰণৰ মৰ্য্যদা প্ৰদান কৰিছিল। কিন্তু পৰিতাপৰ কথা যে অসমৰ কোচ ৰাজবংশী সকলৰ লগতে আন৫ টা জনগোষ্ঠীক মৰ্য্যদা প্ৰদানৰ লোকসভাত বিল উত্থাপনৰ বাহিৰে একো নকৰাটো দূৰ্ভাগ্যজনক। আজি তেওঁলোকে এটি প্ৰস্তাৱ গ্ৰহণ কৰে যে অহা ১০ আগষ্ট ২০২৪ তাৰিখ শনিবাৰে গুৱাহাটীৰ চচলত দিনত ১১:০০ বজাত অৱস্থান ধৰ্মঘট কাৰ্য্যসূচীৰ লগতে এক প্ৰতিবাদী সভা অনুষ্ঠিত হ’ব৷