সত অবলম্বন বিচাৰি – ছেলিমা বেগম

সত অবলম্বন বিচাৰি 

ছেলিমা বেগম,নগাঁও 

সত অবলম্বন কৰি উপার্জন কৰিলে
 নাহে  কেতিয়াও বিপদ ভাই ,
অবৈধভাবে লেনদেন নকৰিব
সকলোৰে ওচৰত  হাত যোৰ কৰিছোঁ।
ঘুষ একধৰণৰ সামাজিক ব্যাধি
বিপদ মাতি আনে নিজৰ বাবে ,
ঘৃণিত কাম নকৰিব কেতিয়াও
 মানি চলিব  মান সন্মানৰ খাতিৰত
মান সন্মান এনেকুৱা বস্তু যিটো নেকি
টকা দি কিনি ল’ব নোৱাৰোঁ।
সত্য কথা এয়া আমাৰ
সত অবলম্বন কৰিলে বিপদ
নাহে কেতিয়াও।
বিপদৰ সময়ত ধৈর্য ধৰি
অপেক্ষা কৰিব পাৰিলে
মুক্তি পোৱা যায়  এনেতে।
সত্যৰ অনুসন্ধানত  সজাগতা
থাকিব পাৰিলে হে জীৱন
 গঢ়ি তুলি ল’ব পাৰিব
সত্যৰ সদায় জয়  এই কথা
মনত ৰাখিব লাগে নিতৌ
পুৱা উঠি প্ৰাৰ্থনা কৰি।
সত্য শুনিব , সত্য কথা ক’ব,
সত্যতা স্বীকাৰ কৰিব ,
হয় আমি সত অবলম্বন
কৰিবলৈ সদায় সচেতন হৈ থাকিম
 সত্য, সত্য, সত্য ।