সত্যৰ প্ৰতিনিধি মানুহ
লখিমী শৰ্মা, যোৰহাট
লানি নিছিগাকৈ
সূৰ্যৰ পৰা পোহৰ
নিগৰাৰ দৰে ,
পৃথিৱীলৈ মানুহ
আহিছে আৰু গৈছে
এই অহা যোৱাৰ
কাৰণ কি ,
নাজানে মানুহে
হাতৰ মুঠি খোল খালেই
হাতৰ আঙুলিৰ ফাঁকেদি ,
পাৰ হৈ যায় এটা যুগ
পৃথিৱীৰ সৌন্দৰ্য বিচাৰি
হাবু – ডুবু খোৱা মানুহ ,
যদিওবা সমাজপ্ৰিয়
তথাপি মায়াত আৱদ্ধ
দুখবোৰে হাঁহি – হাঁহি
বুকুত সুমুৱাই ল’ব পাৰে মানুহক
আকৌ দলিয়াই দিব পাৰে
আগ্নেয়গিৰিৰ লাভা ,
পাহাৰখনৰ সিপাৰলে
অস্থিৰ উত্তাল জোৱাৰে
উটাব নোৱাৰে মানুহৰ প্ৰজ্ঞা
সেউজীয়া ঋতুৰ প্ৰেমত,
এন্ধাৰতো উজলি মানুহ থাকে
চিৰন্তন সত্যৰ প্ৰতিনিধি হৈ … ।